দক্ষিণ কামৰূপৰ বিজয়নগৰত যোৱা ১ আগষ্টত দিন দুপৰতেই ব্যৱসায়ীক গুলীয়াই হত্যাৰ চেষ্টা চলোৱা দুই দুধৰ্ষক অপৰাধী আনোৱাৰ হুছেইন ওৰফে বগা আৰু টফুকুল আলী ওৰফে টেকেলীক কৰায়ক্ত কৰে পলাশবাৰী আৰক্ষীয়ে।
দক্ষিণ কামৰূপৰ বাণিজ্যৰ কেন্দ্ৰস্বৰূপ বিজয়নগৰত যোৱা ১ আগষ্টত দিন দুপৰতেই ব্যৱসায়ীক পিষ্টল দেখুৱাই ধনদাবীৰ চেষ্টা কৰা দুই অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ল পলাশবাৰী আৰক্ষীয়। যোৱা দেওবাৰে দুপৰীয়া বিজয়নগৰৰ অসম ষ্টোৰ নামৰ গেলামালৰ পাইকাৰী দোকানখনত নম্বৰ প্লেটবিহীন পালচাৰ মটৰ চাইকেলেৰে আহি এই দুজন দুৰ্বৃত্তই হেলমেট পিন্ধি দোকানত প্ৰৱেশ কৰি অতৰ্কিতে মালিক পৱন কুমাৰ আগৰৱালক আক্ৰমণ কৰিছিল। কিন্তু পিছত পৱন কুমাৰ আগৰৱালাই আত্মৰক্ষাৰ চেষ্টা চলাই চিঞৰ–বাখৰ কৰি পিষ্টলটো হাতেৰে খামুচি ধৰাত দুই দুৰ্বৃত্তই পলাবলৈ সক্ষম হৈছিল। যোৱানিশা বিশেষ সূত্ৰৰ পম খেদি কামৰূপ আৰক্ষীৰ সহযোগত পলাশবাৰী আৰক্ষীয়ে ধৃত দুই অপৰাধী ক্ৰমে আনোৱাৰ হুছেইন ওৰফে বগা আৰু টফুকুল আলী ওৰফে টেকেলীক কৰায়ত্ত কৰি পলাশবাৰী আৰক্ষী থানালৈ লৈ আনে। অসম আৰক্ষীৰ most wanted গাড়ী চোৰ তথা বহু হত্যাৰ গোচৰ থকা অপৰাধী বগা আৰু টেকেলীৰ পৰা এটা জাপানত নিৰ্মিত পিষ্টলসহ ৯ জাই সজীৱ গুলী, চোকা অস্ত্ৰ, চুৰি মটৰ চাইকেলৰ লগতে বিভিন্ন ধৰণৰ চুৰি কাৰ্যত ব্যৱহৃত সামগ্ৰী জব্দ কৰে। বৰ্তমানেও কামৰূপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত পলাশবাৰী আৰক্ষীয়ে ধৃত দুই অপৰাধীক জেৰা অব্যাহত ৰাখিছে।