• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাইজৰ প্ৰহাৰত প্ৰাণ গ’ল ম’ষ্ট ৱাণ্টেড অপৰাধী গেৰজাইৰ, চুৰি–ডকাইতি–ধৰ্ষণকে ধৰি বিভিন্ন গোচৰত আছিল অভিযুক্ত

ৰাইজৰ প্ৰহাৰত প্ৰাণ গ’ল ম’ষ্ট ৱাণ্টেড অপৰাধী গেৰজাইৰ, চুৰি–ডকাইতি–ধৰ্ষণকে ধৰি বিভিন্ন গোচৰত আছিল অভিযুক্ত

ইয়াৰ পুৰ্ব্বে যোৱা ২২ জানুৱাৰীত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কোভিড ৱাৰ্ডৰ পৰা পলায়ন কৰিছিল গেৰজাইয়ে৷

ইয়াৰ পুৰ্ব্বে যোৱা ২২ জানুৱাৰীত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কোভিড ৱাৰ্ডৰ পৰা পলায়ন কৰিছিল গেৰজাইয়ে৷

ইয়াৰ পুৰ্ব্বে যোৱা ২২ জানুৱাৰীত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কোভিড ৱাৰ্ডৰ পৰা পলায়ন কৰিছিল গেৰজাইয়ে৷

  • Share this:
ৰাইজৰ প্ৰহাৰত প্ৰাণ গ’ল ঢকুৱাখনাৰ কুখ্যাত পলাতক অপৰাধী ৰাজু বৰুৱা ওৰফে গেৰজাইৰ৷ আজি পুৱা ঢকুৱাখনা ঘুনাসুতি সংযোগী পথৰ এখন দলঙৰ তলত আত্মগোপন কৰি থকা অৱস্থাত ৰাইজৰ দৃষ্টিগোচৰ হয়৷ ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে গেৰজাইক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও পুনৰ পলাবলৈ যত্ন কৰোতেই ৰাইজৰ প্ৰহাৰত প্ৰাণবায়ু উৰি যায় গেৰজাইৰ৷

যোৱা ১৬ আগষ্টত ঢকুৱাখনা মহকুমা ন্যায়িক আদালতৰ চৌহদৰ পৰা আৰক্ষীৰ বেহু ফালি পলায়ন কৰিছিল গেৰজাইয়ে৷ আজি গেৰজাইক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা দুজন আৰক্ষীও আঘাতপ্ৰাপ্ত হয়।

ইয়াৰ পুৰ্ব্বে যোৱা ২২ জানুৱাৰীত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কোভিড ৱাৰ্ডৰ পৰা পলায়ন কৰিছিল গেৰজাইয়ে৷ ইমানেই নহয়, ইয়াৰ পুৰ্বে আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ যত্ন কৰোতে আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হৈছিল গেৰজাইলৈ লক্ষ্য কৰি৷ এই এনকাউণ্টাৰত এখন ভৰিত বেয়াকৈ আঘাত পাইছিল এই কুখ্যাত অপৰাধীটোৱে৷ উল্লেখযোগ্য যে যোৱা প্ৰায় এটা দশক ধৰি ঢকুৱাখনাত আতংকৰ অন্য এটা নাম আছিল গেৰজাই ৷ চুৰি, ডকাইতি, ধৰ্ষণৰ দৰে বহুকেইটা অপৰাধত অভিযুক্ত গেৰজাই৷
Published by:Sanjay Kumar Das
First published: