কিছু সময় পিছতে জিএমচিএইচৰ পৰা নিয়া হ’ব তৰুণ গগৈৰ নশ্বৰ দেহ

ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত বিয়লি ৪ বজাত তেওঁৰ নশ্বৰ দেহ নিয়া হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ।
ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত বিয়লি ৪ বজাত তেওঁৰ নশ্বৰ দেহ নিয়া হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ।
- News18 Assam
- Last Updated: November 24, 2020, 8:38 AM IST
ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত বিয়লি ৪ বজাত তেওঁৰ নশ্বৰ দেহ নিয়া হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ। কলাক্ষেত্ৰত সকলো লোকে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক জনাব পাৰিব শেষ শ্ৰদ্ধা। ২৬ নৱেম্বৰত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ’ব অন্তেষ্টিক্ৰিয়া।
উল্লেখযোগ্য যে সোমবাৰে বিয়লি জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰিছিল অসমৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী আৰু ৬ বাৰৰ সাংসদ তৰুণ গগৈয়ে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।