একেদৰে মোমায়েকৰ পৰিয়ালৰো হিয়াৰ আমঠু আছিল দেহমন আৰু বুমন।
একেদৰে মোমায়েকৰ পৰিয়ালৰো হিয়াৰ আমঠু আছিল দেহমন আৰু বুমন।
মাত্ৰ ৭ বছৰ বয়সতে পুত্ৰ সন্তানক হেৰুওৱা মনুৰাম দাস আৰু সীমা দাসে দেহমন আৰু বুমনক লৈয়ে সপোন দেখিছিল। সৰুৰে পৰা সকলো দিশতে আগবঢ়া দেহমন অৰ্থাৎ পৰিমিতা দাসে পিতৃ-মাতৃক কেতিয়াও ককায়েকৰ অভাৱ উপলব্ধি কৰিবলৈ দিয়া নাছিল। পিতৃ-মাতৃয়েও পৰিমিতা আৰু তেঁওৰ ভনীয়েকক সৰুৰে পৰা খুউব মৰমত ৰাখিছিল।
একেদৰে মোমায়েকৰ পৰিয়ালৰো হিয়াৰ আমঠু আছিল দেহমন আৰু বুমন। কিন্তু অভিশপ্ত ৮ ছেপ্টেম্বৰত আহিল সেই দুঃসংবাদটো। ককায়েকৰ দৰে পিতৃ-মাতৃক এৰি মাজুলীৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দেহমনে। তাৰ পিছৰে পৰা সংকটজনক হৈ পৰিছে দেহমনৰ পিতৃ মনুৰাম দাস আৰু মাতৃ সীমা দাসৰ স্বাস্থ্যৰ অৱস্থা। বৰ্তমান দুয়ো চিকিৎসাধীন।
আনহাতে, পৰিমিতাৰ মৃতদেহ যোৰহাটৰ পৰা গুৱাহাটীলৈ নিয়াৰ পথত পুৰণিগুদাম বৰপানীগাঁৱত মোমায়েকৰ ঘৰত কিছু সময়ৰ বাবে ৰখোৱা হয়। মৰমৰ দেহমনৰ নিথৰ দেহ প্ৰত্যক্ষ কৰাৰ লগে লগে শোকত ভাগি পৰে মোমায়েকৰ ঘৰৰ লগতে বৰপানীগাঁৱৰ ৰাইজ। প্ৰায় ১০ মিনিট সময় পুৰণিগুদামত ৰখোৱাৰ পিছত পুনৰ শেষকৃত্যৰ বাবে গুৱাহাটীৰ কাহিলীপাৰালৈ লৈ যোৱা হয় নশ্বৰ দেহ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|