বনানীয়ে গুণগুনাব পৰা নাই নিজৰ প্ৰিয়গীতবোৰ।মঞ্চত পৰিবেশন কৰিব পৰা নাই গীত।
বনানীয়ে গুণগুনাব পৰা নাই নিজৰ প্ৰিয়গীতবোৰ।মঞ্চত পৰিবেশন কৰিব পৰা নাই গীত।
এগৰাকী প্ৰতিভাসম্পন্ন সংগীত শিল্পী। নাম বনানী বৰপাত্ৰ গোহাঁই।এসময়ত যাৰ কুকিল কণ্ঠই মুহিছিল বহুজনৰ মন। কিন্তু বিগত তিনিবছৰে স্তব্ধ হৈ আছে বনানীৰ কণ্ঠ। বনানীয়ে গুণগুনাব পৰা নাই নিজৰ প্ৰিয়গীতবোৰ।মঞ্চত পৰিবেশন কৰিব পৰা নাই গীত। উচ্চশিক্ষিতা তথা প্ৰতিভাসম্পন্ন সংগীত শিল্পী বনানী আজি শয্যাগত।
স্নায়ুজনিত এক জটিল ৰোগত আক্ৰান্ত হৈ বিগত তিনিবছৰে শয্যাযায়ী হৈ আছে বনানী।মৰিয়নিৰ পুখুৰীয়া গাওঁৰ বাসিন্দা অজিত বৰপাত্ৰ গোহাঁই আৰু বন্দনা বৰপাত্ৰ গোহাঁইৰ কনিষ্ঠা কন্যা বনানীৰ শিশু কালৰ পৰাই আগ্ৰহ আছিল সংগীতৰ প্ৰতি। বনানী এসময়ত মৰিয়নি তথা যোৰহাটৰ সাংস্কৃতিক জগত খনৰো এটি চিনাকি নাম আছিল।
সংগীতত বিশাৰদ লাভ কৰা বনানীয়ে সংগীত চৰ্চাৰ সমান্তৰাল ভাৱে চলাই গৈছিল নিজৰ শিক্ষা জীৱন। সৰুৰে পৰা অতি মেধাসম্পন্ন যুৱতীগৰাকীয়ে যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল বাণিজ্য বিভাগত। এইদৰে সংগীত আৰু শৈক্ষিক জীৱন সুন্দৰকৈ আগবঢ়াই নিয়া বনানী সাত বছৰ পূৰ্বে সন্মুখীন হ'ব লগা হয় এক কঠিন বাস্তৱৰ। বনানীৰ শৰীৰত লাহে লাহে ধৰা দিয়ে স্নায়ুজনিত ৰোগৰ বিভিন্ন উপসৰ্গই।
ক্ৰমাৎ অসুস্থ হৈ পৰে এসময়ৰ প্ৰতিশ্ৰুতি সম্পন্ন গায়িকাগৰাকী। অৱশেষত চিকিৎসকৰ পৰীক্ষাত ধৰা পৰে স্নায়ুজনিত জটিল ৰোগ Multiple Sclerosisত আক্ৰান্ত হৈছে বনানী।এই ৰোগত আক্ৰান্ত হোৱা ফলত বনানীৰ দেহৰ বাহ্যিক অংগবোৰ পৰ্যায়ক্ৰমে লাহে লাহে বিকল হৈ পৰে। চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘুৰিও যেন হতাশ হৈ পৰে বনানীৰ লগতে পিতৃ-মাতৃ।এফালে জীয়াই থকাৰ এবুকু হেঁপাহ লৈ বনানী। আনফালে চিকিৎসাৰ বাবে চৰম আৰ্থিক সংকট।
শেহতীয়াকৈ বনানী আক্ৰান্ত হৈ থকা স্নায়ু ৰোগ বিধৰ চিকিৎসা তথা ঔষধ আবিষ্কাৰ হৈছে যদিও অতি ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা ধন যোগাৰ কৰিব নোৱাৰি হতাশ হৈ পৰিছে বনানীৰ পিতৃ-মাতৃ।যাৰ বাবে জীৱন জীয়াৰ আশা বুকুতে সামৰি এতিয়া বন্ধ কোঠাৰ বিচনাত মৃত্যুৰ সৈতে যুঁজিব লগা হৈছে এইগৰাকী দুৰ্ভগীয়া যুৱতীয়ে। নিজ কন্যাৰ জীৱন ৰক্ষাৰ বাবে অসম চৰকাৰৰ সহায় বিচাৰিছে মাতৃয়ে।
যদিহে আপুনিও বনানীক সুস্থ কৰি তুলিবৰ বাবে কিঞ্চিত সহায় কৰিব বিচাৰে তেন্তে বনানীৰ পিতৃ অজিত বৰপাত্ৰ গোহাঁইৰ নামত পাঞ্জাব নেশ্বনেল বেংকৰ মৰিয়নি শাখাৰ 0026010530538 একাউণ্ট নম্বৰত IFSC Code. PUNB0002620ৰ যোগেদি সহায়ৰ হাত আগবঢ়াব পাৰিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|