
শুকুৰবাৰে এচাম উন্মাদ লোকে পিতৃ আৰু বায়েকৰ সন্মুখতে মৰিয়াই মৰিয়াই মাৰি পেলালে দেৱাশীষ গগৈ নামৰ এজন ২৪ বছৰীয়া যুৱকক
শুকুৰবাৰে এচাম উন্মাদ লোকে পিতৃ আৰু বায়েকৰ সন্মুখতে মৰিয়াই মৰিয়াই মাৰি পেলালে দেৱাশীষ গগৈ নামৰ এজন ২৪ বছৰীয়া যুৱকক
শুকুৰবাৰে মৰিয়নীৰ গাভৰু চাহ বাগিচাৰ সমীপত পিতৃ আৰু বায়েকৰ সন্মুখতে এচাম পাষণ্ডই মৰিয়াই মৰিয়াই মাৰি পেলালে দেৱাশীষ গগৈ নামৰ এজন ২৪ বছৰীয়া যুৱকক। উন্মাদ লোকৰ প্ৰহাৰত প্ৰাণ হেৰোওৱা দেৱশীষ গগৈৰ নশ্বৰ দেহ মৰুণোত্তৰ পৰীক্ষাৰ অন্তত দেওবাৰে নিজ ঘৰ পাবহি। অভি-নীল অথবা ঝংকাৰ হত্যাকাণ্ডৰ অনুৰূপ ধৰণে এচাম উন্মাদ লোকৰ হাতত প্ৰাণ হেৰুওৱা দেৱশীষ গগৈ হত্যাৰ উচিত তদন্ত বিচাৰি কেইবাশতাধিক লোকে ভিৰ কৰে দেবেৰাপাৰ আৰক্ষী চকী।
আটাছু , আছুৰ লগতে স্থানীয় লোকে দেৱশীষ হত্যাকাণ্ডৰ লগত জড়িত দোষীক কাৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায়। অন্যহাতে সমগ্র ঘটনাৰ লগতে গাভৰু চাহ বাগিছাৰ কৰ্তৃপক্ষ জড়িত থকা অভিযোগ উত্থাপন কৰি তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আটাছুৱে দাবী জনাইছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|