• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰূপজ্যোতি কুৰ্মীকলৈ মৰিয়নি বিজেপিত অন্তঃকন্দল! সংগ এৰিছে পুৰণি বিজেপি কৰ্মীয়ে, সুযোগ লোৱাত ব্যৰ্থ বিৰোধী শিৱিৰ 

ৰূপজ্যোতি কুৰ্মীকলৈ মৰিয়নি বিজেপিত অন্তঃকন্দল! সংগ এৰিছে পুৰণি বিজেপি কৰ্মীয়ে, সুযোগ লোৱাত ব্যৰ্থ বিৰোধী শিৱিৰ 

কংগ্ৰেছ দলৰ নিৰ্বাচনী তৎপৰতা বৰ্তমানেও নিস্তেজ হৈ আছে। ঠিক একেদৰে ৰাইজৰ দলৰো বিশেষ তৎপৰতা পৰিলক্ষিত হোৱা নাই মৰিয়নিত।

কংগ্ৰেছ দলৰ নিৰ্বাচনী তৎপৰতা বৰ্তমানেও নিস্তেজ হৈ আছে। ঠিক একেদৰে ৰাইজৰ দলৰো বিশেষ তৎপৰতা পৰিলক্ষিত হোৱা নাই মৰিয়নিত।

কংগ্ৰেছ দলৰ নিৰ্বাচনী তৎপৰতা বৰ্তমানেও নিস্তেজ হৈ আছে। ঠিক একেদৰে ৰাইজৰ দলৰো বিশেষ তৎপৰতা পৰিলক্ষিত হোৱা নাই মৰিয়নিত।

  • Share this:
উপ-নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে মৰিয়নি সমষ্টিটো আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ। কংগ্ৰেছ-ৰাইজৰ দলে দুই এখন সভা অনুষ্ঠিত কৰাৰ বিপৰীতে বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে ৰাইজৰ মাজত পূৰ্বৰে পৰা নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা চলাই আহিছে।

ইতিমধ্যে মৰিয়নি সমষ্টিত মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীয়ুষ হাজৰিকা,ৰণোজ পেগু,কেশৱ মহন্ত তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই অনুষ্ঠিত কৰিছে ইখনৰ পিছত সিখন সভা। ইয়াৰ মাজতে কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পিন্ধা ৰূপজ্যোতি কুৰ্মীৰ প্ৰাৰ্থীত্বক লৈ মৰিয়নি বিজেপিত আৰম্ভ হৈছে তীব্ৰ অন্তঃ কন্দল। কাৰ্যত গেৰুৱা দলৰ নিষ্ঠাৱান নেতা কৰ্মীসকলক এলাগী কৰি ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ একাংশ সাংগো পাংগোক লৈ নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰাত গেৰুৱা শিবিৰত আৰম্ভ হৈছে তীব্ৰ ক্ষোভ অসন্তুষ্টি।এ

এই অসন্তুষ্টিৰ বাবেই মৰিয়নিত ৰূপজ্যোতি কুৰ্মীয়ে আগভাগ লৈ আয়োজন কৰা বিজেপিৰ কেইবাখনো দলীয় সভাত বিজেপিৰ পুৰণি নেতা কৰ্মীসকলে অংশগ্ৰহণ কৰা পৰা বিৰত থকা বুলিও চৰ্চিত হৈছে। যোৱা ২৬ ছেপ্তেম্বৰত বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত মৰিয়নিত অনুষ্ঠিত কাৰ্যকতা সভাত অধিকাংশ চকী খালী হৈ থকাৰ বিপৰীতে মাত্ৰ দুশমান মানুহ উপস্থিত হোৱাক লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৰূপজ্যোতি কুৰ্মীক সভাস্থলীতে কৈফিয়ৎ তলব কৰে।

আনকি মানুহ কম হোৱাৰ বাবে পীয়ুষ হাজৰিকাই সভাত ভাষণ প্ৰদান নকৰাৰ লগতে সাংবাদিকৰ আগতো মন্তব্য ৰখাৰ পৰা বিৰত থাকে। আনহাতে ৰূপজ্যোতি কুৰ্মীয়ে চেলেং আৰু মৰিয়নি মণ্ডলৰ সভাপতি দুগৰাকীলৈ সভাত মানুহ কম হোৱাৰ দোষ ঠেলি খোদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সন্মুখতে দুয়োগৰাকী মণ্ডল সভাপতিক গালি পাৰি দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছে দলৰ কৰ্মীসকলে।

ইয়াৰ পিছতে গেৰুৱা দলটোৰ ভিতৰচঁৰাত বৃদ্ধি পাইছে ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ক্ষোভ। মন কৰিবলগীয়া যে, মৰিয়নি বিজেপিত থকা বৰ্তমানৰ অধিকাংশ নেতা কৰ্মীয়েই পূৰ্বতে কংগ্ৰেছ দলত আছিল। আৰু তেওঁলোকে ৰূপজ্যোতি কুৰ্মীৰ লগত হোৱা সংঘাতৰ বাবেই  বিজেপিত যোগদান কৰিছিল। ইপিনে গেৰুৱা দলত ৰূপজ্যোতি কুৰ্মীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আভ্যন্তৰীণ কন্দলৰ বিপৰীতে সেই সুযোগ লোৱাত ব্যৰ্থ হৈছে বিৰোধী পক্ষ।

কংগ্ৰেছ দলৰ নিৰ্বাচনী তৎপৰতা বৰ্তমানেও নিস্তেজ হৈ আছে। ঠিক একেদৰে ৰাইজৰ দলৰো বিশেষ তৎপৰতা পৰিলক্ষিত হোৱা নাই মৰিয়নিত। যোৱা ১৭ ছেপ্তেম্বৰত মৰিয়নিত অখিল গগৈয়ে এসপ্তাহৰ ভিতৰত ৰাইজৰ দলৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ব বুলি প্ৰকাশ কৰিছিল যদিও এসপ্তাহ উকলিব হ'ল যদিও প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা নাই।

বৰ্তমান মৰিয়নিৰ নিৰ্বাচনী দৃশ্যপট ধূসৰ হৈ আছে যদিও বিৰোধীৰ উমৈহতীয়া শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপ আৰু সমষ্টিটোত বিজেপিৰ পুৰণি কৰ্মী সকলৰ ক্ষোভ অসন্তুষ্টি তথা আভ্যন্তৰীন কন্দলে ৰূপজ্যোতি কুৰ্মীক যে শলঠেকত পেলাব সেয়া নিশ্চিত। বিজেপি দলৰ শীৰ্ষ মহলে উপ-নিৰ্বাচনৰ পূৰ্বে মৰিয়নি বিজেপি কৰ্মীৰ ক্ষোভ আৰু অসন্তুষ্ট কেনেদৰে নিৰ্মূল কৰে সেইয়া লক্ষণীয় হ'ব।
Published by:Himangshu Bhuyan
First published: