মৰিগাঁৱৰ বন্যাৰ্তৰ কাষত বাংগালুৰুৰ প্ৰৱাসী অসমীয়া,ড্ৰীম প্ৰডাকচন আৰু অংকুৰিত অসমৰ বিষয়াসকল

বান সাহাৰ্য্য বিতৰণ শিবিৰত উপস্থিত থাকে NEWS18 অসম নৰ্থ ইষ্টৰ নিউজ এডিটৰ তুলিকা দেৱীও।

News18-Assam
Updated:August 4, 2019, 10:48 PM IST
মৰিগাঁৱৰ বন্যাৰ্তৰ কাষত বাংগালুৰুৰ প্ৰৱাসী অসমীয়া,ড্ৰীম প্ৰডাকচন আৰু অংকুৰিত অসমৰ বিষয়াসকল
বান সাহাৰ্য্য বিতৰণ শিবিৰত উপস্থিত থাকে NEWS18 অসম নৰ্থ ইষ্টৰ নিউজ এডিটৰ তুলিকা দেৱীও।
News18-Assam
Updated: August 4, 2019, 10:48 PM IST
মৰিগাঁও জিলাত বানৰ ভয়াৱহতা ক্ৰমান্বয়ে হ্ৰাস পাইছে যদিও হ্ৰাস পোৱা নাই বন্যাৰ্তৰ দুৰ্দশা ৷ ঠায়ে ঠায়ে বৰ্তমানেও একঁকাল পৰ্যন্ত পানী আৰু তাৰ মাজত এসাঁজ খাদ্য আৰু এটুপি খোৱাপানীৰ বাবে আজিও হাহাকাৰ কৰিবলগীয়া হৈছে বানে জুৰুলা কৰা বানাক্ৰান্তই ৷ এনে এক জটিল পৰিস্থিতিত প্ৰলয়ংকাৰী বানে সৰ্বস্বান্ত কৰা মৰিগাঁও সমষ্টিৰ কানফলা,গুইকাতি বড়ী ,শিমলুগুৰি আদি অঞ্চলৰ ২০০টা বানাক্ৰান্ত পৰিয়ালক কিছু সকাহ দিবলৈ উপস্থিত হয় গুৱাহাটীৰ উদ্যমী সামাজিক সাংস্কৃতিক অনুষ্ঠান মিৰদান ছচিয়েল ৱেলফেয়াৰ ছচাইটী, গুৱাহাটীৰ ড্ৰীম প্ৰডাকচন আৰু অংকুৰিত অসম।



সংগঠনকেইটাই এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু বেংগালুৰুৰ অসম এছ'চিয়েছনৰ উদ্যোগত বান সাহায্য বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে। বান পৰিস্থিতি শাম কটাৰ পিছত ৰোগৰ প্ৰাদুৰ্ভাৱৰ আংশকালৈ চাই মিৰদান ছোচিয়েল ৱেলফেয়াৰ ছচাইটীৰ উদ্যোগত কমেও ৫০০ মানুহক সামৰি এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । বিশেষকৈ শিশু, মহিলা আৰু বয়োজ্যেষ্ঠ সকলৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি জ্বৰ-কাঁহ, ডায়েৰীয়া, মুৰৰ বিষ, বমি আদিৰ টেবলেট, অ'আৰএছ, ফাৰ্ষ্ট এইডৰ সামগ্ৰী, এন্টিছেপ্তিক ক্ৰীম, ডেটল আদি ৰাইজৰ মাজত বিতৰণ কৰা হয়। উল্লেখযোগ্য যে অঞ্চলটোত এতিয়াও শ শ লোক শিবিৰত থকালৈ চাই আৰু বহুকেইটা স্বাস্থ্য পৰীক্ষা শিবিৰৰ প্ৰয়োজনীয়তা আছে। চিকিৎসক ডাঃ পংকজ বৈশ্যৰ তত্বাৱধানত পৰিচালনা কৰা এই স্বাস্থ্য শিবিৰত অংশ লয় নিউজ18 অসম নৰ্থ ইষ্টৰ বাৰ্তা সম্পাদক তথা স্বেচ্ছাসেৱী সংগঠন মিৰদানৰ সভানেত্ৰী তুলিকা দেৱী, সাংগঠনিক সম্পাদিকা প্ৰিয়ংকা বৰুৱাই।



একেটা অনুষ্ঠানতে মিৰদানৰ উদ্যোগত বেংগালুৰুৰ অসম এছোচিয়েছন, গুৱাহাটীৰ ড্ৰীম প্ৰডাকচন আৰু অংকুৰিত অসমে পৰিয়ালকেইটাৰ মাজত বান সাহায্য বিতৰণ কৰে। ২০০ পৰিয়ালৰ মাজত চাউল-দাইল, তেল, নিমখ-চেনী, বিস্কুট, বেবীফুড, অ'টছ, মহ খেদা কয়ল, ডেটল চাবোন, কাপোৰ আদি বৃহৎ সামগ্ৰীৰ টোপোলা বান সাহায্যৰূপত আগবঢ়োৱা হয়। অতি ভিতৰুৱা অঞ্চলটোৰ বানাক্ৰান্ত লোক সকলক কিছু সহায় আগবঢ়োৱাৰ লগতে বানে জুৰুলা কৰা লোক সকলক সহায়ৰ হাত আগবঢ়াবলৈ সমগ্ৰ অসমবাসীক আহ্বান জনায় সংগঠনকেইটাই। বছৰে বছৰে অসমৰ অৰ্থনীতি কোঙা কৰা বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক আহ্বান জনায় স্বেচ্ছাসেৱী সংগঠন কেইটাই৷
আৰু চাওক পৰৱৰ্তী বাতৰি