চৰকাৰে দূৰ্নীতিৰ বিৰুদ্ধে দৃঢ স্থিতি লোৱাৰ পিছতো উৎকোচ লোৱাৰ খক কমা নাই একাংশ চৰকাৰী কৰ্মচাৰীৰ। এনেদৰেই ঘোচ লৈ হাতে-লোটে দূৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল মৰিগাঁও (Morigaon) জিলাৰ এজন কৰ্ওমচাৰী। বিল লিজত দিয়াৰ নামত হৰেন নাথ নামৰ কৰ্মচাৰী জনে এজন লোকৰ পৰা ৩৫০০ টকা দাবী কৰিছিল। এনেদৰেই দীৰ্ঘ দিন ধৰি এখন দূৰ্নীতি বজাৰ গঢ়ি তুলিছিল জিলা উপায়ুক্ত কাৰ্যালয়ত।
মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় (Morigaon DC Office)ৰ পাৰ্ছনেল ব্ৰাঞ্চত আজি দুৰ্নীতি নিবাৰক শাখা (Anti Corruption Branch)ই চলায় অভিযান। মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ৰ মীন বিভাগ (Fishery Department)ৰ জেষ্ঠ সহায়ক হৰেন কুমাৰ নাথক উৎকোচ লোৱাৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।
ৰাম প্ৰসাদ সৰকাৰ নামৰ এজন মাছ বেপাৰীৰ পৰা জলাশয় আৱণ্টনৰ ননামত উৎকোচ হিচাপে ৩৫০০ টকা লোৱাৰ অভিযোগত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে হৰেন নাথক ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|