লাহৰীঘাটৰ দুই ভাতৃৰ প্ৰশাসনীয় পদক্ষেপ! নিজা প্ৰচেষ্টাত তৈয়াৰ কৰি উলিয়াইছে বাণিজ্যিক এপ।
লাহৰীঘাটৰ দুই ভাতৃৰ প্ৰশাসনীয় পদক্ষেপ! নিজা প্ৰচেষ্টাত তৈয়াৰ কৰি উলিয়াইছে বাণিজ্যিক এপ।
বিয়াৰ বাবে মেকআপ আৰ্টিষ্ট, মেহেণ্ডি আৰ্টিষ্ট বা ফটোগ্ৰাফাৰ বিচাৰি বহুতে হাবাথুৰি খাবলগীয়া হয়। এই কামটোকে সুচল কৰি তুলিবলৈ লাহৰীঘাটৰ দুই ভাতৃয়ে প্ৰস্তুত কৰি উলিয়াইছে এই বাণিজ্যিক এপ। সোমবাৰে এপটো আনুষ্ঠানিক ভাৱে মুকলি কৰে লাহৰীঘাট সমষ্টিৰ বিধায়ক ডা: আছিফ মহম্মদ নাজাৰে।
ভাতৃদ্বয় কফিল আহমেদ আৰু তাহিৰ আহমেদে নিজস্ব প্ৰচেষ্টাত তৈয়াৰ কৰি উলিওৱা এই বাণিজ্যিক ম'বাইল এপটোৰ নাম Makeover Contract। এই এপৰ জৰিয়তে বহু যুৱক-যুৱতী লাভৱান হ'ব বুলি আশা কৰিছে কফিল আৰু তাহিৰে।
Makeover Contract নামৰ এই এপটো অহা ৫ অক্টোবৰৰ পৰা Play Store ত উপলব্ধ হ'ব। যুৱক দ্বয়ে এপটোৰ সন্দৰ্ভত কয় যে, 'এই এপটোৰ জৰিয়তে বিয়া বা যিকোনো মাংগলিক অনুষ্ঠান আদিৰ বাবে নিজৰ জিলাৰ Makeup Artists, Mehndi Artists, and Weeding Photographer সকলৰ সৈতে যোগাযোগ কৰি এনে ধৰণৰ কামসমূহ সুকলমে সম্পন্ন কৰিব পাৰিব।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|