কোৰোণাৰ বিৰুদ্ধে যুঁজ! ৰাজ্যত প্লাজমা দান কৰিবলৈ আগ্ৰহী ৭ শতাধিক কোৰোণাৰ পৰা মুক্ত হোৱা লোক 

News18 Assam | News18-Assam
Updated:August 2, 2020, 10:23 AM IST
কোৰোণাৰ বিৰুদ্ধে যুঁজ! ৰাজ্যত প্লাজমা দান কৰিবলৈ আগ্ৰহী ৭ শতাধিক কোৰোণাৰ পৰা মুক্ত হোৱা লোক 
কোভিড ১৯ত ৰাজ্যত আক্ৰান্ত ৪০ হাজাৰো অধিক লোক। অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুদ্ধখনত প্লাজমা থেৰাপীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

কোভিড ১৯ত ৰাজ্যত আক্ৰান্ত ৪০ হাজাৰো অধিক লোক। অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুদ্ধখনত প্লাজমা থেৰাপীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

  • Share this:
কোভিড ১৯ত ৰাজ্যত আক্ৰান্ত ৪০ হাজাৰো অধিক লোক। অদৃশ্য শত্ৰুৰ বিৰুদ্ধে যুদ্ধখনত প্লাজমা থেৰাপীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইবাৰ প্লাজমা প্ৰদানৰ বাবে আগবাঢ়ি আহিছে ৭ শতাধিক লোক।

কোভিড ১৯ জয় কৰা লোকসকলে ১০৪, ছচিয়েল মিডিয়া, মেইল আৰু ফোনযোগে প্লাজমা দিবলৈ আগ্ৰহ প্ৰকাশ কৰাৰ কথা জানিব পৰা গৈছে। ৰাষ্ট্রীয় স্বাস্থ্য মিছন, অসমে ৩০ জুলাইত প্রকাশ কৰা তথ্য মতে, ৭ শতাধিক লোকে প্লাজমা দিবলৈ আগ্রহ কৰি স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰাৰ লগতে ৩০০ লোকে প্লাজমা দানৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে ৷

স্বাস্থ্যমন্ত্রীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই বহিঃৰাজ্যৰ পৰাও ১৫জন লোকে প্লাজমা দান কৰিবলৈ স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিছে ৷ তদুপৰি ১০৬জন লোকক স্ক্রীণিং কৰাৰ পিছত প্লাজমা দান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

ইফালে তেজপুৰ মেডিকেল কলেজ হাস্পতাল আৰু যোৰহাট মেডিকেল কলেজ হাস্পতালত প্লাজমা ফেৰেছিছ মেচিন স্থাপন কৰা হৈছে আৰু ডিব্রুগড়ৰ অসম মেডিকেল কলেজতো অচিৰেই এই মেচিন স্থাপন কৰা হ’ব৷ প্লাজমা দান কৰিব বিচৰাসকলক ৰাষ্ট্রীয় স্বাস্থ্য মিছন অসমে ১০৪ নম্বৰত ফোন কৰিবলৈ আহ্বান জনাইছে৷ তদুপৰি প্লাজমা দানৰ বাবে আগ্রহীসকলে ০৩৬১–২৫৫৮৯৫৫ নম্বৰত ফোন কৰি অথবা osd.nhm1.assam@gmail.comত মেইল কৰি প্লাজমা দানৰ বাবে যোগাযোগ কৰিব পাৰিব।
Published by: Himangshu Bhuyan
First published: August 2, 2020, 10:23 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading