ৰাজ্যত যেন লাহে লাহে সাংগঠনিক ভেঁটি মজবুত কৰাৰ দিশে অগ্ৰসৰ হৈছে আম আদমী পাৰ্টী।
ৰাজ্যত যেন লাহে লাহে সাংগঠনিক ভেঁটি মজবুত কৰাৰ দিশে অগ্ৰসৰ হৈছে আম আদমী পাৰ্টী।
ৰাজ্যত যেন লাহে লাহে সাংগঠনিক ভেঁটি মজবুত কৰাৰ দিশে অগ্ৰসৰ হৈছে আম আদমী পাৰ্টী। শেহতীয়াকৈ দলটোত যোগদান কৰিছে আন ৰাজনৈতিক দলৰ বহুকেইগৰাকী আগশাৰীৰ নেতাই। বিশেষকৈ চাহ জনগোষ্ঠীয় নেতা মনোজ ধানোৱাৰৰ আপত যোগদান দলটোৰ বাবে ইতিবাচক দিশ বুলি দাবী কৰিছে বহু ৰাজনৈতিক বিশ্লেষকে।
জিলাই জিলাই এতিয়া অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে খোপনি পোতাৰ চেষ্টা অব্যাহত ৰাখিছে। দেওবাৰে ডিব্ৰুগড় জিলাত ৫ সহস্ৰাধিক লোকে যোগদান কৰিলে আম আদমী পাৰ্টীত। আপে উজনি অসমত, বিশেষকৈ চাহ বাগিচা অঞ্চলত ইয়াৰ আধাৰ সম্প্ৰসাৰিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
শেহতীয়াকৈ, ৰাষ্ট্ৰীয় দলৰ বহুতো নেতাই অসমত আপত যোগদান কৰিছিল। লাহোৱালত অনুষ্ঠিত যোগদান অনুষ্ঠানত দলৰ নেতা মনোজ ধনোৱাৰৰ উপস্থিতিত বিজেপি, কংগ্ৰেছ, অগপ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অসম চাহ মজদুৰ সংঘৰ বহু সংখ্যক সদস্যই আপত যোগদান কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|