অসমৰ চৰকাৰী বিদ্যালয়ত তিনি লাখ ‘Ghost Children’!

News18 Assam | News18-Assam
Updated:January 6, 2020, 7:08 PM IST
অসমৰ চৰকাৰী বিদ্যালয়ত তিনি লাখ ‘Ghost Children’!
Source-Google

সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ শিক্ষা অভিযানৰ এক পৰ্যালোচনা বৈঠকত ভাগ লয়।

  • Share this:
সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সমগ্ৰ শিক্ষা অভিযানৰ এক পৰ্যালোচনা বৈঠকত ভাগ লয়। জনতা ভৱনত অনুষ্ঠিত হয় বৈঠক। বৈঠকত দেখুওৱা হয় যে, ২০১৮–১৯ শিক্ষাবৰ্ষত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা আছে ৪৬,৬৯,৯৭০ জন। কিন্তু ২০১৬–১৭ বছৰত এই সংখ্যা দেখুওৱা হৈছিল ৪৯,৮২,১৮০ জন। যাৰফলত পোহৰলৈ আহে চৰকাৰী বিদ্যালয়ত ভুৱা শিক্ষাৰ্থী দেখুওৱা তথ্য।

অসমৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয় সমূহত ৩ লাখ ১২ হাজাৰতকৈ অধিক ভুৱা শিক্ষাৰ্থী পূৰ্বৰ চৰকাৰৰ দিনত অন্তৰ্ভুক্ত কৰাৰ তথ্য সদৰী কৰে বৈঠকত l বৈঠকত পোহৰলৈ আহে, মধ্যাহ্ন ভোজন, বিনামূলীয়া পাঠ্যপুথি বিতৰণ আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত ভুৱা শিক্ষাৰ্থীৰ নামত পূৰ্বৰ চৰকাৰে সংঘটিত কৰা বিত্তীয় কেলেংকাৰীৰ তথ্য l
মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰেl

চৰকাৰী বিদ্যালয়ত সৰ্বদিশতে ভাল পদক্ষেপ হাতত লৈ ছাত্ৰ–ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নত অৰিহণা যোগোৱা শিক্ষকক ‘মুখ্যমন্ত্ৰীৰ বিশেষ শিক্ষক বঁটা’ প্ৰদান কৰা হ’ব বুলি বৈঠকতে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে।
আৰু চাওক
পৰৱৰ্তী বাতৰি