• Home
  • »
  • News
  • »
  • assam
  • »
  • উত্‍পল দত্তৰ ভেটি কঁপাই লখিমপুৰত অসম জাতীয় পৰিষদৰ ৰণশিঙা, তিনি শতাধিক অগপ কৰ্মীয়ে কৰিলে যোগদান

উত্‍পল দত্তৰ ভেটি কঁপাই লখিমপুৰত অসম জাতীয় পৰিষদৰ ৰণশিঙা, তিনি শতাধিক অগপ কৰ্মীয়ে কৰিলে যোগদান

এতিয়া প্ৰতিটো সমষ্টিত নিজৰ ভেটি শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে নৱ-গঠিত অসম জাতীয় পৰিষদে।

এতিয়া প্ৰতিটো সমষ্টিত নিজৰ ভেটি শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে নৱ-গঠিত অসম জাতীয় পৰিষদে।

এতিয়া প্ৰতিটো সমষ্টিত নিজৰ ভেটি শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে নৱ-গঠিত অসম জাতীয় পৰিষদে।

  • Share this:
এতিয়া প্ৰতিটো সমষ্টিত নিজৰ ভেটি শক্তিশালী কৰিবলৈ চেষ্টা কৰিছে নৱ-গঠিত অসম জাতীয় পৰিষদে। শনিবাৰে লখিমপুৰত নতুন আঞ্চলিক ৰাজনৈতিক দলটোৱে বজালে ৰণশিঙা। অনুষ্ঠানতে অসম গণ পৰিষদৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে আনুষ্ঠানিক ভাবে অসম জাতীয় পৰিষদত যোগদান কৰে।

সভাত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিষদৰল নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে। লখিমপুৰ নগৰৰ মাজেৰে বৃহত্‍ সমদল কৰি ঢোলে-ডগৰে সমৰ্থকে আদৰি আনে জাতীয় পৰিষদৰ নেতাজনক। ভাষণ প্ৰসংগত, বসুমতাৰীয়ে আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদে চৰকাৰ গঠন কৰিব বুলি উল্লেখ কৰে। লগতে উদাত্ত কণ্ঠৰে তীক্ষ্ন সমালোচনা কৰে শাসকীয় বিজেপিক।
Published by:Himangshu Bhuyan
First published: