உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Road Accident at Mariani: মৰিয়নিৰ ধোদৰ আলিত ভয়ংকৰ দুৰ্ঘটনা, বাহন বাগৰি আহত ত্ৰিশৰো অধিক আৰোহী

    Road Accident at Mariani: মৰিয়নিৰ ধোদৰ আলিত ভয়ংকৰ দুৰ্ঘটনা, বাহন বাগৰি আহত ত্ৰিশৰো অধিক আৰোহী

      অভিযোগ- পৰিবহণ আইন উলংঘা কৰি আহিছিল প্ৰশাসনৰ চকুৰ সন্মুখতে

    অভিযোগ- পৰিবহণ আইন উলংঘা কৰি আহিছিল প্ৰশাসনৰ চকুৰ সন্মুখতে

    অভিযোগ- পৰিবহণ আইন উলংঘা কৰি আহিছিল প্ৰশাসনৰ চকুৰ সন্মুখতে

    • Share this:
    মৰিয়নিত ভয়ংকৰ পথ দুৰ্ঘটনা।পথৰ ওপৰতে শ্ৰমিক কঢ়িয়াই নিয়া বলেৰ' পিক আপ বাগৰি পৰাত ত্ৰিছৰো অধিক শ্ৰমিক গুৰুতৰভাৱে আহত হয়। ধোদৰ আলিৰ খাটিসোণাৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। আহত শ্ৰমিকসকল দিহিঙীয়াপাৰ চাহ বাগিচাৰ।

    কাকজান ৰাজৈ চাহ বাগিচালৈ দিহিঙীয়াপাৰ চাহ বাগিচাৰ পৰা কাম কৰিবলৈ গৈছিল শ্ৰমিকসকল। কাম কৰি সামগ্ৰী কঢ়িওৱা AS03BC1883 নম্বৰৰ বলেৰ' পিক আপখনত উভতি আহিছিল ৩৫ জনীয়া শ্ৰমিকৰ দলটো (Road Accident at Mariani)।

    আনহাতে তীব্ৰ বেগী বলেৰ' পিক আপখন খাটিসোণাৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে। দুৰ্ঘটনাত ৩৫জন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। আহত শ্ৰমিকসকলক স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে ততাতৈয়াকৈ উদ্ধাৰ কৰি সমীপৰ নকছাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে।

    আনহাতে ১৪ গৰাকী শ্ৰমিকৰ আঘাত গুৰুতৰ হোৱাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। আনহাতে চালকৰ ভুলৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিবলৈ দিছে আহত শ্ৰমিকসকলে।

    মনকৰিবলগীয়া যে মৰিয়নিৰ বহু চাহ বাগিচাই শ্ৰমিকসকলক দীৰ্ঘদিনৰ পৰা বাগিচাত কাম কৰিবলৈ সামগ্ৰী কঢ়িওৱা বাহনতে প্ৰশাসনৰ সন্মুখতে পৰিবহণ আইন উলংঘা কৰি অনা-নিয়া কৰি আহিছে। আজি দুৰ্ঘটনাটো তাৰে এক প্ৰতিফলন বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে।
    Published by:Gautam Barman
    First published: