ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজপথত আন্দোলন চলি থকাৰ সমান্তৰাল ভাবে চলি আছে আইনী যুঁজ। ইতিমধ্যে অসমৰ বহু দল সংগঠনে নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই দাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ৰ।
এতিয়াও অন্ত পৰা নাই উচ্চতম ন্যায়ালয়ত CAA ক প্ৰত্যাহ্বান জনাই অসমৰ দল সংগঠনৰ লেখ আবেদন দাখিলৰ প্রক্রিয়া। ফলত এতিয়া পৰৱৰ্তী শুনানিলৈ লেখ আবেদনৰ সংখ্যাই ১০০ পাৰ কৰাৰ সম্ভাৱনা প্ৰকত হৈ উঠিছে। অতি সম্প্ৰতি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ‘Republican Party of India’ ৰ অসম শাখাই । RPI ৰ অসমৰ সভাপতি ৰেকিবুদ্দিন আহমেদে জনোৱা মতে বিতৰ্কিত আইন খনে ভাৰতীয় সংবিধানৰ প্ৰস্তৱনাতে সন্নিবিষ্ট ধৰ্ম নিৰপেক্ষ চৰিত্ৰক উলংঘা কৰিছে আৰু ইয়াকে তেওঁলোকে লেখ আবেদনৰ মূল বিষয় হিচাপে লৈছে ।
আনহাতে AIUDFও দ্বাৰস্থ হৈছে উচ্চতম ন্যায়ালয়ৰ । দলটোৰ নেতা আমনুল ইছলাম আৰু চম্পক কলিতাই ইতিমধ্যে এই সংক্ৰান্তত দিল্লীত বাহৰ পাতি আছে ।
উল্লেখযোগ্য বৰাক উপত্যকাৰ সংগঠন সদৌ বৰাক ছাত্র সন্থাও পাইছেহি উচ্চতম ন্যায়ালয়। আইন খন বাতিল কৰাৰ প্ৰাৰ্থনা জনাই দাখিল কৰিছে আবেদন ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|