মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Who is next ? BJP লৈ আৰু আহিব বিৰোধী বিধায়ক ! বিজেপি বিনে একাংশ বিৰোধীৰ গত্যন্তৰ নাই, ক'লে সভাপতি ভৱেশ কলিতাই...

Who is next ? BJP লৈ আৰু আহিব বিৰোধী বিধায়ক ! বিজেপি বিনে একাংশ বিৰোধীৰ গত্যন্তৰ নাই, ক'লে সভাপতি ভৱেশ কলিতাই...

News18 Assam | News18-Assam
Updated:August 23, 2021, 5:08 PM IST
Who is next ? BJP লৈ আৰু আহিব বিৰোধী বিধায়ক ! বিজেপি বিনে একাংশ বিৰোধীৰ গত্যন্তৰ নাই, ক'লে সভাপতি ভৱেশ কলিতাই...
আৰু দুই-তিনিজন বিৰোধী বিধায়কে BJPত যোগ দিব বুলি সোমবাৰে সদৰী কৰিলে BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ ইয়াৰ মাজত তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাও থাকিব পাৰে বুলি ইংগিত দিলে ভৱেশ কলিতাই ৷

আৰু দুই-তিনিজন বিৰোধী বিধায়কে BJPত যোগ দিব বুলি সোমবাৰে সদৰী কৰিলে BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ ইয়াৰ মাজত তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাও থাকিব পাৰে বুলি ইংগিত দিলে ভৱেশ কলিতাই ৷

  • Share this:
এজনৰ পিছত আনজন বিৰোধী পক্ষৰ বিধায়কে দল ত্যাগ কৰি শাসকীয় BJPত যোগদান কৰাৰ সময়তে আৰু দুই-তিনিজন বিৰোধী বিধায়কে BJPত যোগ দিব বুলি সোমবাৰে সদৰী কৰিলে BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ ইয়াৰ মাজত তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰ বৰুৱাও থাকিব পাৰে বুলি ইংগিত দিলে ভৱেশ কলিতাই ৷

"BJP বিনে যেন একাংশ বিৰোধীৰ গত্যন্তৰ নাই! আৰু দুই-তিনিজন বিৰোধী বিধায়ক যাব BJPলৈ ৷”- এই কথা সোমবাৰে অসম বিধানসভাৰ চৌহদত সদৰী কৰিলে BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷

ইতিমধ্যে মৰিয়ণী সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে বিধায়ক পদ আৰু কংগ্ৰেছ দল ত্যাগ কৰি যোগ দিছে শাসকীয় BJPত। অহা এক ছেপ্টেম্বৰত ভৱাণীপুৰৰ AIUDFৰ বিধায়ক ফণী তালুকদাৰেও বিধায়ক পদ আৰু AIUDF ত্যাগ কৰি যোগ দিব পাৰে BJPত ৷

ইয়াৰ মাজতে নাম চৰ্চাত থকা তিতাবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই সোমবাৰে যোগ দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰ্শীবাদ যাত্ৰাত ৷ BJPৰ এই কাৰ্যসূচীত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰণি জনালে কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই ৷ ইয়াৰ পৰা প্ৰায় স্পষ্ট হ'ল যে কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আহি আছে BJPলৈ ৷

ভাস্কৰজ্যোতি বৰুৱাৰ প্ৰসংগত ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতাক প্ৰশ্ন কৰাত কলিতাই ক'লে- “কেৱল ভাস্কৰজ্যোতি বৰুৱাই নহয়, আৰু আছে তালিকাত ৷ আৰু দুই-তিনিজন আহিব BJPলৈ ৷”

মুঠতে এজন এজনকৈ বিৰোধী বিধায়কে বিৰোধীৰ আসন এৰি শাসকীয় আসন শুৱনি কৰিবলৈ সাজু হৈছে ৷ ইয়াৰ ভিতৰত নাম চৰ্চাত আছে বটদ্ৰৱাৰ কংগ্ৰেছী বিধায়ক শিৱামণি বৰাৰ নামো ৷ অৱশ্যে শিৱামণিয়ে BJPত যোগদান নকৰে বুলি একাধিকবাৰ সদৰী কৰিছে ৷
Published by: Kokil Sarma
First published: August 23, 2021, 5:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি