উপ নিৰ্বাচনৰ ধামখুমিয়াৰ মাজতে কংগ্ৰেছ (Congress)ৰ আৰু বিধায়ক বিজেপি (BJP)লৈ যাব পাৰে বুলি বিশেষ চৰ্চা লাভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই মাজে সময়ে ধেমালিৰ সুৰতে এনেধৰণৰ মন্তব্য কৰি আহিছে। এইবাৰ একেই মন্তব্য কৰিলে সাসংদ কামাখ্যা প্ৰসাদ তাছা (MP Kamakhya Prasad Tasa)ই।
সাসংদ কামাখ্যা প্ৰসাদ তাছাই কয়, "কংগ্ৰেছে ইতিমধ্যে ভেটী হেৰুৱাইছে আৰু কংগ্ৰেছৰ বহুকেইজন বিধায়ক বিজেপিলৈ আহিব লগীয়া আছে। আৰু চাৰে চাৰি বছৰ বিৰোধী বিধায়ক হৈ থাকি একো কাম কৰিব নোৱাৰিব।"
মৰিয়নী সমষ্টিৰ উপনিৰ্বাচন (By Election)ৰ বাবে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে মনোনয়ন দাখিল কৰিবলৈ যোৱা সময়ত এই মন্তব্য কৰে কামাখ্যা প্ৰসাদ তাছাই। সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয় যে এইবাৰ নিৰ্বাচনত কোনো বিৰোধী পক্ষ নাই বৰং নিৰ্বাচনী যুঁজখন একপক্ষীয় হ'ব বুলি দাবী কৰে তেওঁ। সাংসদ গৰাকীয়ে লগতে কয় বিজেপিয়ে যি সমুহ আঁচনি গ্ৰহণ কৰিছে জনসাধাৰনে বেলেগ কথা চিন্তা কৰাৰ প্ৰয়োজনে নাই।
উল্লখ্য যে বিধানসভা নিৰ্বাচনৰ আগৰ পৰাই এজন দুজনকৈ কংগ্ৰেছ নেতাৰ বিজেপি গমনৰ ঢৌ এতিয়াও শেষ হোৱা নাই। বিধায়ক হোৱাৰ পিছতো মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi) আৰু থাওৰাৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁই (Sushanta Borgohain)য়ে কংগ্ৰেছ এৰি বিজেপিত যোগ দিছে। এতিয়া নতুনকৈ আকৌ কোনোবা কংগ্ৰেছী বিধায়কে বিজেপিলৈ গমন কৰে নেকি সেয়াহে লক্ষণীয় হ'ব
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|