অসমসহ উত্তৰ–পূৰ্বাঞ্চলত হ’ব ধাৰাসাৰ বৰষুণ! এই সপ্তাহতে ভাৰতত প্ৰৱেশ কৰিব মৌচুমী!

এতিয়ালৈ মৌচুমী ভাৰতত প্ৰৱেশ কৰা নাই যদিও চলিত সপ্তাহৰ শেষৰ ভাগত ভাৰতত প্ৰৱেশ কৰাৰ সম্ভৱনা আছে।

news18assam
Updated:June 4, 2019, 5:25 PM IST
অসমসহ উত্তৰ–পূৰ্বাঞ্চলত হ’ব ধাৰাসাৰ বৰষুণ! এই সপ্তাহতে ভাৰতত প্ৰৱেশ কৰিব মৌচুমী!
এতিয়ালৈ মৌচুমী ভাৰতত প্ৰৱেশ কৰা নাই যদিও চলিত সপ্তাহৰ শেষৰ ভাগত ভাৰতত প্ৰৱেশ কৰাৰ সম্ভৱনা আছে।
news18assam
Updated: June 4, 2019, 5:25 PM IST
আহি আছে মৌচুমী। এতিয়ালৈ মৌচুমী ভাৰতত প্ৰৱেশ কৰা নাই যদিও চলিত সপ্তাহৰ শেষৰ ভাগত ভাৰতত প্ৰৱেশ কৰাৰ সম্ভৱনা আছে। বৰ্তমান মৌচুমী বে অফ বেংগলৰ দিশে প্ৰৱেশ কৰিছে। মৌচুমী ভাৰত তথা উত্তৰ–পূৰ্বাঞ্চলত প্ৰৱেশ কৰা নাই যদিও আজিৰে পৰা অহা ২৪ ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, মণিপুৰ আৰু মিজোৰামৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও ৫ আৰু ৬ জুনত এই ছখন ৰাজ্যৰ কিছু কিছু ঠাইত প্ৰবল বৰষুণৰ সম্ভৱনা আছে। এই আগজাননী দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
আৰু চাওক পৰৱৰ্তী বাতৰি