বিগত দুটা বছৰত এই মৌচুমী ১০জুনত প্ৰৱেশ কৰিছিল যদিও এইবাৰ ৬ জুনতেই প্ৰৱেশ ঘটে ।
বিগত দুটা বছৰত এই মৌচুমী ১০জুনত প্ৰৱেশ কৰিছিল যদিও এইবাৰ ৬ জুনতেই প্ৰৱেশ ঘটে ।
অসম তথা উত্তৰ-পূৱত আজিৰে পৰা প্ৰৱেশ ঘটিল দক্ষিণ-পশ্চিম মৌচুমীৰ। এই মৌচুমীৰ ফলতে ৰাজ্যত তথা উত্তৰ-পূৱৰ কিছু ঠাইত আগন্তুক দিনত অব্যাহত থাকিব প্ৰৱল বৰষুণ । আৰৱ সাগৰৰ মধ্যম ভাগৰ পৰা ভাৰত অভিমুখে অহা দক্ষিণ-পশ্চিম মৌচুমীয়ে আজি উত্তৰ-পূৱত প্ৰৱেশ কৰে বুলি তথ্য প্ৰকাশ কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
বিগত দুটা বছৰত এই মৌচুমী ১০জুনত প্ৰৱেশ কৰিছিল যদিও এইবাৰ ৬ জুনতেই প্ৰৱেশ ঘটে । এই মৌচুমীৰ ফলত আজিৰে পৰা উত্তৰ-পূৱৰ বহু ঠাইত বৰষুণ আৰম্ভ হৈছে আৰু এই বৰষুণ আগন্তুক কেইবাদিনলৈ ঠাইয়ে ঠাইয়ে অব্যাহত থাকিব। আজিৰে পৰা আগন্তুক ৩ দিনলৈ অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড, মণিপুৰৰ কিছু ঠাইত বৰষুণৰ সম্ভৱনা আছে।
আজি অসমৰ লগতে উত্তৰ-পূৱৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণৰ পৰা আৰম্ভ হৈছে আৰু তৃতয় দিনলৈ এই বৰষুণৰ মাত্ৰা অধিক হ'ব বুলি মন্তব্য কৰে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মুখ্য বতৰ বিজ্ঞানী সঞ্জয় অ'নিল শ্বই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|