মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অৱশেষত ৫বছৰ পিছত ঘৰলৈ উভতিব বাংলাদেশত আবদ্ধ দৰঙৰ মুকুল হাজৰিকা...

আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অৱশেষত ৫বছৰ পিছত ঘৰলৈ উভতিব বাংলাদেশত আবদ্ধ দৰঙৰ মুকুল হাজৰিকা...

News18 Assam | News18-Assam
Updated:September 12, 2021, 1:33 PM IST
আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত অৱশেষত ৫বছৰ পিছত ঘৰলৈ উভতিব বাংলাদেশত আবদ্ধ দৰঙৰ মুকুল হাজৰিকা...
৫ বছৰ পূৰ্বে ঘৰৰ পৰা  ওলাই গৈছিল মুকুল হাজৰিকা। ঘৰৰ পৰা ওলাই যোৱাৰ পৰাই তিনি বছৰ ধৰি আৱদ্ধ হৈ আছিল বাংলাদেশ জেলত। দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ইতিমধ্যে মঙ্গলদৈ আৰক্ষী বিষয়া দানেজীত দেউৰীৰ নেতৃত্বত আৰক্ষীৰ দল আৰু পিতৃ ফুলেশ্বৰ হাজৰিকা ভাৰত বাংলাদেশ সীমান্তলৈ ৰাওনা হৈছে। ১৫ ছেপ্টেম্বৰৰ ভিতৰত ঘৰ পাবহি মুকুল হাজৰিকা।

  • News18 Assam
  • Last Updated: September 12, 2021, 1:33 PM IST
  • Share this:
প্ৰায় ৫ বছৰ পূৰ্বে নিৰুদ্দিষ্ট হৈছিল মঙ্গলদৈৰ যুৱক মুকুল হাজৰিকা। ২০১৯ চনৰ ৫ মে'ত পোহৰলৈ আহিছিল মুকুল হাজৰিকা বাংলাদেশত আবদ্ধ হৈ থকাৰ কথা। ২০১৯ চনৰ ৫ মে' পত্ৰত বাংলাদেশৰ কাৰাগাৰৰ থকা মুকুল হাজৰিকাৰ ম্যাদ উকলিছিল কিন্তু ঘৰলৈ ওভতাই আনিবলৈ সমৰ্থ নাছিল পৰিয়ালটো।

দৰং জিলাৰ মঙ্গলদৈ থানাৰ অন্তৰ্গত কেওঁতপাৰা গাঁৱৰ মুকুল হাজৰিকা ২০১৯ চনত বাংলাদেশৰ ফেনি জেলত বন্দী হৈ থকা কথা পোহৰলৈ আহিছিল। ৫ বছৰ পূৰ্বে ঘৰৰ পৰা  ওলাই গৈছিল মুকুল হাজৰিকা। ঘৰৰ পৰা ওলাই যোৱাৰ পৰাই তিনি বছৰ ধৰি আৱদ্ধ হৈ আছিল বাংলাদেশ জেলত। পিতৃ ফুলেশ্বৰ হাজৰিকাই কোনো মতে দিন হাজিৰা কৰি মুকুল হাজৰিকাৰ পত্নীসহ আছে তিনি সন্তানৰ পৰিয়ালটো চলাই নিছিল। তেওঁলোকৰ কাৰণে সপোন আছিল বাংলাদেশৰ পৰা মুকুল হাজৰিকাক ঘূৰাই অনাটো। দৰিদ্ৰ পৰিয়ালটোৱে সেই সময়ত চৰকাৰ জিলা প্ৰশাসনক মুকুলক ঘৰলৈ ঘূৰাই আনিবলৈ অনুৰোধ জনাইছিল কিন্তু  কোনো সুফল নাপালে। শেহতীয়াভাৱে বাংলাদেশত ন্যায়িক জিম্মাৰ ম্যাদ উকলাৰ দুবছৰ পিছত ঘৰলৈ আহিব মুকুল হাজৰিকা। দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ইতিমধ্যে মঙ্গলদৈ আৰক্ষী বিষয়া দানেজীত দেউৰীৰ নেতৃত্বত আৰক্ষীৰ দল আৰু পিতৃ ফুলেশ্বৰ হাজৰিকা ভাৰত বাংলাদেশ সীমান্তলৈ ৰাওনা হৈছে। ১৫ ছেপ্টেম্বৰৰ ভিতৰত ঘৰ পাবহি মুকুল হাজৰিকা।
Published by: Kokil Sarma
First published: September 12, 2021, 1:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি