ল’ক ডাউনৰ সময়ছোৱাত স্থানীয় বিধায়ক গুৰুজ্যোতি দাসেও কিছু খাদ্য সামগ্ৰী যোগান ধৰিছে পৰিয়ালটোক
পথৰ কাষৰ এখন টিন পাতৰ চালি দিয়া সৰু দোকান, দোকানখনত দুজনী ছোৱালী! গ্ৰাহকৰ অপেক্ষালৈ এনেদৰেই প্ৰতিদিনে বাট চাই থাকে দুয়োজনী বাই-ভনীয়ে! কাৰণ কোনো লোকে যদি দোকানখনৰ পৰা এখন তামোল বা কিবা এটা ক্ৰয় নকৰে, তেতিয়া নিশাৰ ভাত সাঁজৰ বাবে সমস্যাত পৰে সৰু ছোৱালী দুজনীৰ ঘৰখন!
ল’ক ডাউনে জৰুলা কৰি পেলাইছে বহুতৰে জীৱন। বহুতে দুবেলা-দুসাঁজৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ। তাৰ মাজতে পোহৰলৈ আহিছে মঙলদৈৰ ১ নং বেজপাৰাৰ এই দুগৰকী বাই-ভনী জিলিমণি শইকীয়া আৰু বৰষা শইকীয়াৰ জীৱন সংগ্ৰামৰ জীয়া ছবিখন।
দীৰ্ঘদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকৰ পিতৃ ভবানন্দ শইকীয়াই । আনকি কিছুদিনৰ আগত পিতৃৰ এক জটিল অস্ত্ৰোপচাৰো হৈ যায়।দৰ্জিৰ কাম কৰি ঘৰখন পোহপাল দিয়া পিতৃয়ে কাম কৰিব নোৱাৰা হোৱাৰ পৰাই ঘৰখন আৰ্থিক ভাবে জুৰুলা হৈ পৰে। ফলত এতিয়া ঘৰখনৰ সকলো দায়িত্ব কান্ধ পাতি ল’বলগীয়া হৈছে দুয়োজনী ছোৱালীয়ে।
এতিয়া পথৰ দাঁতিত এখন টিন ৰ চালিত পান তামোল , চাহ, ঘুগুনী, বুট ভজা, পকৰি বিক্ৰী কৰি দুবেলা দুসাঁজ যোগাৰ কৰিছে ছোৱালী দুজনীয়ে। আনকি আৰ্থিক সমস্যাৰ বাবে জ্যেষ্ঠ ভগ্নি জিলিমনি শইকীয়াই আধাতে সমাপ্ত কৰিবলগীয়া হ’ল পঢ়াৰ জীৱন। দুয়োজনী ছোৱালীয়ে ঘৰ চলাবলৈ লোৱা এই প্ৰচেষ্টাই এতিয়া কিছু পৰিমাণে সকাহ দিছে ঘৰখনক। ল’ক ডাউনৰ সময়ছোৱাত স্থানীয় বিধায়ক গুৰুজ্যোতি দাসেও কিছু খাদ্য সামগ্ৰী যোগান ধৰিছে পৰিয়ালটোক।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|