মঙলদৈ পতালসিং পাৰাৰ গণক চুবাত এক হৃদয় বিদাৰক ঘটনা । সৎকাৰৰ বিপৰীতে গাত খান্দি পুতি থলে এটা মৃতদেহ । একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবে হিন্দু ৰীতি নীতি অনুসৰি সৎকাৰ কৰাৰ পৰিবৰ্তে গাতত মৃতদেহ পুতিব লগা হোৱাত স্তম্ভিত হৈ পৰিছে সচেতন সমাজ ।
ঘটনা মঙলবাৰৰ । মঙলদৈ গণক চুবাত মৃত্যু হৈছিল অতুল শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ । তাৎপৰ্যপূৰ্ণ বিষয় যে অতুল শৰ্মাৰ মৃত্যুৰ পাছত মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল ওচৰ চুবুৰীয়াৰ কোনো এজন ব্যক্তি । অৱশেষত মৃতকৰ তিনি ভাতৃৰ সহায়ত মৃতদেহটো কিবাকৈ নি নদীৰ পাৰত গাত খান্দি পুতি থয় ।
উল্লেখযোগ্য যে প্ৰায় ২৭ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা অতুল শৰ্মাৰ পত্নী আছিল অন্য সম্প্ৰদায়ৰ । এইটোৱে দোষ আছিল অতুল শৰ্মাৰ । যাৰ বাবে প্ৰতি নিয়ত সকলো সামাজিক কামৰ পৰা বঞ্চিত হৈ আহিছে পুত্ৰ জীয়ৰী সহ পৰিয়ালটো ।
এইবাৰ মৃতদেহ সৎকাৰ কৰিবলৈও আগবাঢ়ি নাহিল ওচৰ চুবুৰীয়া । এতিয়া ৰীতি-নীতি অনুসৰি মৃতকৰ কাজ কৰ্ম কেনেকৈ কৰিব তাকে লৈও সমস্যাত পৰিছে পৰিয়ালটো । পতালসিঙ পাৰাৰ দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰত মঙ্গলদৈ আৰক্ষী উপস্থিত হয়। পৰিয়ালটোৱে সৎকাৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে আৰক্ষীৰ সন্মুখত।
মঙ্গলদৈ পতালসিঙ পাৰা গনকচুবাৰ মুখিয়াল যাদৱ শৰ্মাক মঙ্গলদৈ আৰক্ষীয়ে আটক কৰিছে। ইতিমধ্যে মঙ্গলদৈ চক্ৰ বিষয়া আহি উপস্থিত হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰত।
মঙ্গলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতি উপস্থিত হৈ মৃতদেহ গাত খান্দি উদ্ধাৰ কৰা কাৰ্য আৰম্ভ কৰে। আক্রছুৰ এটা দল উপস্থিত হৈ পৰিয়ালটোৰ হিন্দু ৰীতি নীতিৰ মতে কাম কাজ কৰাৰ ক্ষেত্ৰত সহযোগ কৰিব বুলি জানিবলৈ দিয়ে।
মঙ্গলদৈ পতালসিঙ পাৰা গাঁৱৰ মৃতদেহটো গাত খান্দি উলিয়াই আনে প্ৰশাসনে । উপস্থিত হয় মঙ্গলদৈ চক্ৰ বিষয়া, আৰক্ষীৰ এক দল। মঙ্গলদৈ শ্মশানত লৈ অনা হয় মৃতদেহ। আৰক্ষী দণ্ডদিশৰ উপস্থিতিত অন্তুষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ আৰম্ভ কৰিছে প্ৰশাসনে।এই ঘটনাৰ পিছতে অঞ্চলটোৰ ৮জন লোকৰ বিৰুদ্ধে আক্ৰাছুৱে দাখিল কৰে এজাহাৰ ।
Published by: Kokil Sarma
FIRST PUBLISHED : August 12, 2022, 18:07 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।