গোলাঘাটত দুৰ্বৃত্তই লুটি নিলে ১ লাখ ৮০ হাজাৰ টকা

ইণ্ডিয়ান বেংকৰ গোলাঘাট শাখাৰ পৰা মানৱ গোস্বামী নামৰ লোকজনে উলিয়াইছিল ডেৰ লাখ টকা। এটা বেগত পূৰ্বৰ ৩০ হাজাৰ টকাৰ সৈতে বেংকৰ পৰা উলিওৱা ডেৰ লাখ টকা লৈ স্কুটীৰে আহি আছিল দৈগ্ৰোঙৰ মানৱ গোস্বামী। আদবাটতে ক’লা ৰঙৰ পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই গোস্বামীৰ কান্ধৰ পৰা থপিয়াই নিয়ে ধনৰ মোনাখন।

news18assam
Updated:May 17, 2019, 5:28 PM IST

Updated: May 17, 2019, 5:28 PM IST
গোলাঘাটত এজন লোকৰ পৰা দুৰ্বৃত্তই লুটি নিলে ১ লাখ ৮০ হাজাৰ টকা লুট। ইণ্ডিয়ান বেংকৰ গোলাঘাট শাখাৰ পৰা মানৱ গোস্বামী নামৰ লোকজনে উলিয়াইছিল ডেৰ লাখ টকা। এটা বেগত পূৰ্বৰ ৩০ হাজাৰ টকাৰ সৈতে বেংকৰ পৰা উলিওৱা ডেৰ লাখ টকা লৈ স্কুটীৰে আহি আছিল দৈগ্ৰোঙৰ মানৱ গোস্বামী। আদবাটতে ক’লা ৰঙৰ পালছাৰ বাইকত অহা দুই দুৰ্বৃত্তই গোস্বামীৰ কান্ধৰ পৰা থপিয়াই নিয়ে ধনৰ মোনাখন।

ঘটনা সন্দৰ্ভত গোলাঘাট থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী লোকজনে। বেংকৰ পৰা CCTV ফুটেজ সংগ্ৰহ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত। গোলাঘাটত ধন লুটৰ দৰে অপৰাধমূলক ঘটনা ৰোধ কৰাত আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ একাংশ লোকৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি