ডবকাত গুলীসহ এজন ব্যৱসায়ীলৈ ধন দাবী পত্ৰ প্ৰেৰণ

 ব্যৱসায়ী হিলাল উদ্দিন বৰভূঞাক ৬ লাখ টকা দাবী। ১০ টকীয়া দলিলত চহী কৰি ধন দাবী পত্ৰ প্ৰেৰণ।

news18assam
Updated:June 10, 2019, 9:44 AM IST
ডবকাত গুলীসহ এজন ব্যৱসায়ীলৈ ধন দাবী পত্ৰ প্ৰেৰণ
ধন দাবী পত্ৰ
news18assam
Updated: June 10, 2019, 9:44 AM IST
ডবকাত ব্যৱসায়ীক ধন দাবী অখ্যাত সংগঠনৰ। গুলীসহ এজন ব্যৱসায়ীলৈ ধন দাবী পত্ৰ প্ৰেৰণ।



ব্যৱসায়ী হিলাল উদ্দিন বৰভূঞাক ৬ লাখ টকা দাবী। ১০ টকীয়া দলিলত চহী কৰি ধন দাবী পত্ৰ প্ৰেৰণ। ৩১ মে’ৰ নিশাৰ ভাগত সংঘটিত হৈছে এই ঘটনা। ধন দাবী পত্ৰত বিতোপন কলিতাৰ নামৰ এজন লোকৰ চহী। NACM নামৰ অখ্যাত সংগঠনৰ নামত ধন দাবী কৰে। AK 47 ৰাইফল আৰু 3.3 পিষ্টলৰ গুলী প্ৰেৰণ কৰে। পত্নীৰ হাতত দি থৈ যায় ধন দাবী পত্ৰ আৰু গুলী।

তাৰ পিছৰে পৰা ফোনযোগে ব্যৱসায়ীজনক গুলীয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান। লগতে পুত্ৰক অপহৰণ কৰাৰো ভাবুকি দিয়ে দুৰ্বৃত্তই। ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে ভুক্তভোগীয়ে।
আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ।
আৰু চাওক পৰৱৰ্তী বাতৰি