உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • খানাপাৰাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পকেটমাৰৰ দৌৰাত্ম্য, কাৰ পৰা লুটি নিলে মানিবেগ?

    খানাপাৰাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পকেটমাৰৰ দৌৰাত্ম্য, কাৰ পৰা লুটি নিলে মানিবেগ?

    8

    8

    লগে লগে অধ্যাপকগৰাকীয়ে সমগ্ৰ ঘটনা সম্পৰ্কত অৱগত কৰে নিৰাপত্তাৰক্ষীক৷

    • Share this:
    কোভিড পটকলৰ মাজেৰে খানাপাৰাত দেওবাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ’ল ৭৫সংখ্যক স্বাধীনতা দিৱস৷ সুকলমে স্বাধীনতা দিৱস পালনৰ বাবে খেলপথাৰখনত পূৰ্বৰ দৰে কৰা হৈছিল তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা৷ নিৰ্ধাৰিত সময়মতে মুখ্যমন্ত্ৰী উপস্থিত হৈ প্ৰায় এক ঘণ্টা ১০ মিনিটজোৰা ভাষণৰ অন্তত আৰম্ভ হ’ল পেৰেড৷

    কোভিডৰ বাবে পূৰ্বতকৈ কম আছিল পেৰেড চাব অহা মানুহৰ ভিৰ৷ আন লোকৰ দৰে খানাপাৰাত পেৰেড চাব আহিছিল পশু চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অনিল ডেকাই৷ অনুষ্ঠানৰ শেষত খেলপথাৰৰ পৰা যাবলৈ লওঁতেহে অধ্যাপক অনিল ডেকাই গম পাই যে তেওঁৰ পকেটৰ পৰা লুটি নিয়ে মানি বেগটো৷

    লগে লগে অধ্যাপকগৰাকীয়ে সমগ্ৰ ঘটনা সম্পৰ্কত অৱগত কৰে নিৰাপত্তাৰক্ষীক৷ নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা স্বাধীনতা দিৱসৰ পেৰেড গাউণ্ডৰ পৰাই এনেদৰে এগৰাকী অধ্যাপকৰ মানিবেগ চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
    Published by:Sanjay Kumar Das
    First published: