এতিয়াৰে পৰা নাম হ’ব ‘মমিনুল আৱাল গৰিয়া’,‘Court Affidavit’ কৰি সলনি কৰিলে নাম

মমিনুল আৱাল
Court Affidavit কৰি সলনি কৰিলে নাম
- News18 Assam
- Last Updated: February 14, 2020, 4:08 PM IST
অসমত অবৈধ বিদেশীৰ আগ্ৰাসন চলিছে বুলি সততে জাঙুৰ খাই উঠে বিজেপি নেতা মমিনুল আৱাল।
মঙলবাৰে সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ সৈতে খিলঞ্জীয়া মুছলমান সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। বৈঠকৰ পিছতেই নিজৰ নাম সলনি কৰিলে সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আৱালে। মঙলবাৰৰ সভাত গৰিয়া–মৰিয়া, দেশী, জুলহা লোক সকলৰ লোক গণনা সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।