
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে অভিযুক্ত লোকজনক।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে অভিযুক্ত লোকজনক।
কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি চিবেৰগুল আৰক্ষী থানাৰ অধীনত দেওবাৰে সংঘটিত হ’ল ঘৃণনীয় ঘটনা৷ বিকৃত মানসিকতাৰ এজন লোকে নিৰ্যাতন চলালে ৯ বছৰীয়া কন্যা শিশুক৷ লকডাউনৰ বাবে শিশুটিয়ে ঘৰৰ কিছু সামগ্ৰী অনাৰ বাবে সমীপৰে ৫১ বছৰীয়া মুন্না কানুৰ গেলামালৰ দোকানলৈ গৈছিল৷ দোকানত অন্য গ্ৰাহক নথকাৰ সুযোগ গ্ৰহন কৰিলে বিকৃত মানসিকতাৰ মুন্না কানুৱে ৷ শিশুটি দোকানৰ পৰা বস্তু নিবলৈ আহোতেই দোকানৰ ভিতৰত চলালে নিৰ্যাতন ৷
শিশুটিৰ চিঞৰ শুনি স্থানীয় লোক উপস্থিত হৈ অৱগত কৰে স্থানীয় আৰক্ষীক ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে অভিযুক্ত মুন্না কানুক৷ অভিযুক্ত মুন্না কানু সেই অঞ্চলটোৰ প্ৰভাবশালী ব্যক্তি৷ যাৰ বাবে স্থানীয় লোকৰ সন্দেহ হৈছিল যে অপৰাধৰ বাবে আইনৰ হাতৰ পৰা বাচি যাব৷ অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে মুন্না কানুক৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|