• Home
  • »
  • News
  • »
  • assam
  • »
  • ধেমাজিত কাৰাধ্যক্ষৰ ঘৃণনীয় কাণ্ড! কয়দীক যৌন নিৰ্যাতন চলাই নিজেই আলহী হ’ল কাৰাগাৰৰ

ধেমাজিত কাৰাধ্যক্ষৰ ঘৃণনীয় কাণ্ড! কয়দীক যৌন নিৰ্যাতন চলাই নিজেই আলহী হ’ল কাৰাগাৰৰ

অৱশ্য কাৰাধ্যক্ষ দুলাল  দাসৰ গ্ৰেপ্তাৰৰ বিষয়টোৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনে এই মূহুৰ্তলৈকে কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে৷

অৱশ্য কাৰাধ্যক্ষ দুলাল  দাসৰ গ্ৰেপ্তাৰৰ বিষয়টোৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনে এই মূহুৰ্তলৈকে কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে৷

অৱশ্য কাৰাধ্যক্ষ দুলাল  দাসৰ গ্ৰেপ্তাৰৰ বিষয়টোৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনে এই মূহুৰ্তলৈকে কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে৷

  • Share this:
অৱশেষত গ্ৰেপ্তাৰ হ’ল ধেমাজি জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ দুলাল দাস৷ এজন পুৰুষ কাৰাবন্দীক মুক্তিৰ টোপ দেখুৱাই ধাৰাবাহিকভাৱে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ধেমাজি আৰক্ষীয়ে কাৰাধ্যক্ষ দুলাল দাসক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰি সন্ধিয়া ধেমাজি জিলা মুখ্য ন্যায়াধীশৰ আদালতত হাজিৰ কৰাই অৱশেষত প্ৰেৰণ কৰে জে’ল হাজোতলৈ ৷ উল্লেখ্য যে ভুক্তভোগী যুৱকজনৰ মাতৃয়ে কাৰাধ্যক্ষগৰাকীৰ বিৰুদ্ধে ধেমাজি সদৰ থানাত 285/20 নম্বৰত এক গোচৰ ৰুজু কৰিছিল৷ অৱশ্য কাৰাধ্যক্ষ দুলাল  দাসৰ গ্ৰেপ্তাৰৰ বিষয়টোৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনে এই মূহুৰ্তলৈকে কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে৷

উল্লেখ্য যে জিলা কাৰাগাৰত খোদ কাৰাধ্যক্ষ দুলাল দাসে চলাইছিল অমানৱীয় কাণ্ড। মাৰপিট কৰি পুৰুষ কয়দীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ তুলি চিলাপথাৰৰ কয়দীজনৰ মাতৃয়ে ধেমাজি আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। অভিযোগ মতে, কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ প্ৰলোভন দি জেইলাৰ দুলাল দাসে দীৰ্ঘদিনৰ পৰাই কয়দীজনৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল৷ লগতে বলপূৰ্বক সেৱন কৰাইছিল ড্ৰাগছ-ভাঙৰ দৰে মৰাত্মক নিচা৷

এই সমস্ত ঘটনা অলপতে মাতৃক অৱগত কৰায় নিৰ্যাতিত যুৱকজনে৷ দীৰ্ঘদিনে চলা অত্যাচাৰত শাৰীৰিকভাৱে অসুস্থ হৈ পৰা ঘটনাটো গাপ দিয়াৰ চক্ৰান্তৰে যুৱকজনক মানসিক চিকিৎসালয়ত চিকিৎসা কৰোৱাই উন্মাদ সজোৱাৰ ষড়যন্ত্ৰৰ অভিযোগ আনিছে মাতৃয়ে। ভাৰতীয় দণ্ডবিধিৰ 377 ধাৰা অনুযায়ী 285/2020 নং গোচৰৰ ভিত্তিতেই ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কাৰাধ্যক্ষ দুলাল দাসক।
Published by:Sanjay Kumar Das
First published: