মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ষ্টেট বেংকত মহিলাক যৌন নিৰ্যাতন চলোৱা যুৱকক গ্ৰেপ্তাৰ, ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল ভিডিঅ’

ষ্টেট বেংকত মহিলাক যৌন নিৰ্যাতন চলোৱা যুৱকক গ্ৰেপ্তাৰ, ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল ভিডিঅ’

News18 Assam | News18-Assam
Updated:September 16, 2021, 8:31 AM IST
ষ্টেট বেংকত মহিলাক যৌন নিৰ্যাতন চলোৱা যুৱকক গ্ৰেপ্তাৰ, ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল ভিডিঅ’
জঘন্য কাণ্ডৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে বুধবাৰৰ সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে  যুৱকজনক।

জঘন্য কাণ্ডৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে বুধবাৰৰ সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে  যুৱকজনক।

  • News18 Assam
  • Last Updated: September 16, 2021, 8:31 AM IST
  • Share this:
ভাৰতীয় ষ্টেট বেংকৰ ভিতৰত এগৰাকী মহিলা গ্ৰাহকক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা লম্পট যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। ডিব্ৰুগড়ৰ থানা চাৰিআলিস্থিত এছ বি আইৰ মুখ্য শাখাত ১৪ ছেপ্টেম্বৰত এটা লম্পটে এক নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিছিল। এগৰাকী মহিলাক কাউণ্টাৰত শাৰী পাতি থকাৰ অৱস্থাতে ঋতুৰাজ গগৈ ওৰফে ঋতু নন্দেশ্বৰ শেনছোৱা নামৰ বিকৃত মানসিকতাৰ যুৱকজনে যৌন নিৰ্যাতন চলোৱাৰ কাণ্ড বন্দী হৈছিল ম'বাইল কেমেৰাত।

এই জঘন্য কাণ্ডৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে বুধবাৰৰ সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে  যুৱকজনক। শিৱসাগৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা কৰায়ত্ত কৰে  ঋতু নন্দেশ্বৰ শেনছোৱাক।

শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে কৰায়ত্ত কৰে ঋতু নন্দেশ্বৰ শেণছোৱাক। ডিব্ৰুগড় থানাত বেংক কৰ্তৃপক্ষই ৰুজু কৰা 1793/21 নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ 354A/509 ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে ঋতুৰাজক।

শিৱসাগৰ বাছ আস্থানৰ পৰা কোনো স্থানলৈ পলায়নৰ যো-জা কৰোতেই আৰক্ষীৰ জালত পৰে  ঋতু। ইপিনে নিশাই লম্পট ঋতু নন্দেশ্বৰ শেনছোৱাক অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ নেতৃত্বত এটা দলে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ লৈ যায়।

বিতুল চেতিয়াই শিৱসাগৰত সাংবাদিকৰ আগত সদৰি কৰা মতে ঋতু নন্দেশ্বৰ শেণছোৱাৰ ঘৰ পালেঙীত। নন্দেশ্বৰ শেণছোৱা ওৰফে ঋতু পূৰ্বেও কেইবাটাও অপৰাধমূলক কামৰ সৈতে জড়িত আছিল। মুম্বাইতো ঋতুৱে অপৰাধমূলক কামৰ সৈতে জড়িত হোৱাৰ তথ্য লাভ কৰা বুলি সদৰি কৰে ডিব্ৰুগড় জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে।


প্ৰণিধানযোগ্য যে অভিযুক্ত ঋতু নন্দেশ্বৰ শেণছোৱাৰ অপকৰ্মৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে যুৱকজনক গ্ৰেপ্তাৰৰ দাবী তুলিছিল বিভিন্নজনে। অৱশেষত আৰক্ষীয়ে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অসৎ মনোবৃত্তিৰ যুৱকজনক।

লক্ষ্যণীয় যে ঋতু নন্দেশ্বৰ শেনছোৱাই বিগত সময়ছোৱাত অভিনয় ক্ষত্ৰখনৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে।
Published by: Sanjay Kumar Das
First published: September 16, 2021, 8:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি