মহিলাগৰাকীৰ চিঞৰ–বাখৰ শুনি লাইনৰ বাকী শ্ৰমিকসকল ওলাই অহাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে লম্পট ৰিকিয়ে৷ সম্প্ৰতি পলাতক হৈ আছে লম্পট ৰিকু তুৰী।
মহিলাগৰাকীৰ চিঞৰ–বাখৰ শুনি লাইনৰ বাকী শ্ৰমিকসকল ওলাই অহাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে লম্পট ৰিকিয়ে৷ সম্প্ৰতি পলাতক হৈ আছে লম্পট ৰিকু তুৰী।
সাম্প্ৰতিক সময়তো নাৰী যে সুৰক্ষিত নহয় আজি তাৰে জলন্ত উদাহৰণ দেখা গ’ল চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত। সাপেখাতীৰ খাগৰিজান চাহ বাগিচাত মঙলবাৰে সংঘটিত হৈছে তেনে এক জঘন্য ঘটনা। এগৰাকী নৱবিবাহিত বোৱাৰীক ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি অসৎ চৰিতাৰ্থ পূৰণ কৰিবলৈ চেষ্টা চলাই এজন প্ৰাক্তন আটছা নেতাই।
ঘটনা সন্দৰ্ভত লাভ কৰা তথ্য মতে, মঙলবাৰে পুৱাই খাগৰিজান চাহ বাগিচা লাইনৰ এগৰাকী নৱ বিবাহিত মহিলাই নিজ গৃহত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি একে লাইনৰে লম্পট ৰিকি তুৰী ওৰফে ভাগিৰথ তুৰী নামৰ এজন প্ৰাক্তন আটছা নেতাই অসৎ কাৰ্য পূৰণৰ চেষ্টা চলায়। উপায়হীন হৈ মহিলাগৰাকীয়ে চিঞৰ–বাখৰ কৰাত কথমপি ৰক্ষা পৰে মহিলাগৰাকী।
মহিলাগৰাকীৰ চিঞৰ–বাখৰ শুনি লাইনৰ বাকী শ্ৰমিকসকল ওলাই অহাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে লম্পট ৰিকিয়ে৷ সম্প্ৰতি পলাতক হৈ আছে লম্পট ৰিকু তুৰী। আনহাতে, পূৰ্বেও ৰিকি তুৰীয়ে এগৰাকী নাবালিকাৰ লগতে এগৰাকী যুৱতীক ধৰ্ষণ কৰি জে’ল হাজোতলৈ গৈ জামিনত মুক্তি লাভ কৰিছে।
এই লম্পট চৰিত্ৰৰ ৰিকিক গ্ৰেপ্তাৰৰ দাবীত সাপেখাতী আৰক্ষী থানাত উপস্থিত হয় শতাধিক শ্ৰমিক৷ ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সাপেখাতী আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|