உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • যুৱতী অভিযন্তাক ঘৰলৈ নি সুৰাৰ পাৰ্টী কৰি যৌন নিৰ্যাতন! নুমলীগড় শোধনাগাৰৰ বিষয়াক আটক

    যুৱতী অভিযন্তাক ঘৰলৈ নি সুৰাৰ পাৰ্টী কৰি যৌন নিৰ্যাতন! নুমলীগড় শোধনাগাৰৰ বিষয়াক আটক

    যোৱা বৃহস্পতিবাৰে ১৯ আগষ্ট তাৰিখেহে যুৱতীগৰাকীয়ে দাখিল কৰিছে এজাহাৰ।

    যোৱা বৃহস্পতিবাৰে ১৯ আগষ্ট তাৰিখেহে যুৱতীগৰাকীয়ে দাখিল কৰিছে এজাহাৰ।

    যোৱা বৃহস্পতিবাৰে ১৯ আগষ্ট তাৰিখেহে যুৱতীগৰাকীয়ে দাখিল কৰিছে এজাহাৰ।

    • Share this:
    নাৰী নিৰ্যাতনৰ ঘটনাই পুনৰ এবাৰ জোকাৰি গৈছে নুমলীগড় শোধনাগাৰ। NRLৰ ডেপুটি জেনেৰেল মেনেজাৰ পৰ্যায়ৰ বিষয়া নীহাৰ প্ৰসাদ শৰ্মা নামৰ এজন বিষয়ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আনি এজাহাৰ দাখিল কৰিছে এগৰাকী কনিষ্ঠ অভিযন্তা যুৱতীয়ে।  আৰক্ষীয়ে অভিযান চলাই নীহাৰ প্ৰসাদ শৰ্মাক আটক কৰিছে গুৱাহাটীত।

    নুমলীগড় শোধনাগাৰত সুৰক্ষিত নহয় মহিলা কৰ্মচাৰী–যুৱতী। এইবাৰ এগৰাকী যুৱতী অভিযন্তা যৌন নিৰ্যাতনৰ বলি হ’ব লগা হ’ল NRLৰ এগৰাকী ডেপুটি জেনেৰেল পৰ্যায়ৰৰ বিষয়াৰ দ্বাৰা। নীহাৰ প্ৰসাদ শৰ্মা নামৰ এজন DGM পৰ্যায়ৰ বিষয়াই এগৰাকী যুৱতী অভিযন্তাক ১৯ জুলাইত নিজ গৃহলৈ নি সুৰাৰ পাৰ্টী কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত  নুমলীগড় আৰক্ষী  আৰক্ষী চকীত ১৯ আগষ্টত যুৱতীগৰাকীয়ে দাখিল কৰিছে এক গোচৰ।

    ইফালে উক্ত গোচৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে নীহাৰ প্ৰসাদ শৰ্মাক আটক কৰিবলৈ সক্ষম হৈছে। আনহাতে, যোৱা ৪ আগষ্ট তাৰিখেই এই নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছিল যদিও ৰহস্যজনকভাৱে নিৰ্যাতিত যুৱতী অভিযন্তাগৰাকীয়ে কিন্তু দাখিল কৰা নাছিল কোনো অভিযোগনামা। যোৱা বৃহস্পতিবাৰে ১৯ আগষ্ট তাৰিখেহে যুৱতীগৰাকীয়ে দাখিল কৰিছে এজাহাৰ।

    আনহাতে ঘটনাটো পোহৰলৈ অহাৰ পিছতে বহু কেইটা দল–সংগঠনে ঘটনাটোৰ উচিত তদন্ত বিচাৰি প্ৰতিবাদ  সাব্যস্ত কৰিছিল যদিও NRLৰ ঊৰ্দ্বতম কৰ্তৃপক্ষই দিয়া নাছিল কোনো গুৰুত্ব। যোৱা বৃহস্পতিবাৰ পৰ্যন্ত NRLতে আছিল  বিষয়াগৰাকী। কিন্তু এতিয়া ভুক্তভোগী যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰাৰ পিছত নীহাৰ প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয়।
    Published by:Sanjay Kumar Das
    First published: