মুখ্যপৃষ্ঠা »খবৰ »অসম »Moina Nayak : ঘৰলৈ গ’ল মইনা... ৭ মাহৰ চিকিৎসাৰ অন্তত সুস্থ ঘৰলৈ উভতিল মই নায়ক

Moina Nayak : ঘৰলৈ গ’ল মইনা... ৭ মাহৰ চিকিৎসাৰ অন্তত সুস্থ ঘৰলৈ উভতিল মই নায়ক

সুদীৰ্ঘ ৭ মাহৰ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে মইনা নায়ক (Moina Nayak)। সুস্থ হৈ উঠাৰ অন্তত জিএমচিএইচৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় মইনাক।

সুদীৰ্ঘ ৭ মাহৰ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে মইনা নায়ক (Moina Nayak)। সুস্থ হৈ উঠাৰ অন্তত জিএমচিএইচৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় মইনাক।

  • Share this:
অৱশেষত দীৰ্ঘদিন ধৰি চিকিৎসাৰ অন্তত নিজ গৃহত উপস্থিত হ’ল লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়ক (Moina Nayak)। বিগত বৰ্ষৰ ১৯ জুলাইত বাগিচাখনৰ কলঘৰৰ চিটিচি মেচিনত সোমাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল মইনা নায়ক (Moina Nayak Health Update)।

তাৰ পিছতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত (GMCH) চিকিৎসাধীন হ’বলগীয়া হৈছিল মইনা নায়ক (Moina Nayak)। দীৰ্ঘদিন ধৰি চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিল মইনা। আজি পুৱতিনিশা নিজ ঘৰত উপস্থিত হয় মইনা নায়ক। বৰ্তমান চিকিৎসকৰ পৰামৰ্শ অনুসৰি চাহ বাগিচা চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকিব লাগিব মইনা নায়ক।

সুদীৰ্ঘ ৭ মাহৰ চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে মইনা নায়ক (Moina Nayak)। সুস্থ হৈ উঠাৰ অন্তত জিএমচিএইচৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় মইনাক। অৱশ্যে সামান্য চকু আরু মূৰৰ বিষ আছে বুলি উল্লেখ কৰিছে মইনা নায়কে।

আৰু পঢ়ক : আজি জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ ওপজা দিন, জন্মদিনত ক’ত কি কৰিব দীপলিনাই?

চিকিৎসকৰ মতে, এতিয়াও মইনাৰ কিছু চিকিৎসা বাকী আছে। টিছু আৰু হেয়াৰ প্লাণ্টেশ্যনৰ বাবে ডেৰ মাহৰ পিছত পুনৰ জিএমচিএইচলৈ আহিব লাগিব মইনা। মইনাৰ প্ৰবল ইচ্ছাশক্তিয়ে এক নতুন জীৱন দিয়াত সহায় কৰা বুলি উল্লেখ কৰে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই।

আৰু পঢ়ক : মৃত্যু হ’ল গোলাঘাটত জনাঞ্চলত বিচৰণ কৰা গঁড়টোৰ, কাৰ ভুলৰ বাবে মৃত্যুক আঁকোৱালি ল’লে গঁড়টোৱে?

উল্লেখযোগ্য যে লেপেটকটা চাহ বাগিচাৰ অস্থায়ী শ্ৰমিক আছিল মইনা নায়ক। চলন্ত চিটিচি মেচিনত সোমাই গুৰুতৰভাৱে আহত হৈছিল মইনা। সম্পূৰ্ণ বিনামূলীয়াকৈ জিএমচিএইচত চিকিৎসা চলিছিল মইনাৰ। অসম চৰকাৰে বহন কৰিছিল মইনাৰ চিকিৎসাৰ সকলো খৰচ।

শেহতীয়া বাতৰি