• Home
  • »
  • News
  • »
  • assam
  • »
  • হাস্পতালৰ বিছনাত মইনাই হাঁহিছে..., শুনিলে ভগৱানে অসমবাসীৰ প্ৰাৰ্থনা!

হাস্পতালৰ বিছনাত মইনাই হাঁহিছে..., শুনিলে ভগৱানে অসমবাসীৰ প্ৰাৰ্থনা!

শনিবাৰে বিছনাৰ পৰা নামি হাস্পতালৰ কোঠাৰ ভিতৰতে লাহে লাহে খোজ কাঢ়িলে মইনাই। চিকিৎসা কৰ্মীৰ সৈতে পাতিলে দুই–এটা কথা।

শনিবাৰে বিছনাৰ পৰা নামি হাস্পতালৰ কোঠাৰ ভিতৰতে লাহে লাহে খোজ কাঢ়িলে মইনাই। চিকিৎসা কৰ্মীৰ সৈতে পাতিলে দুই–এটা কথা।

শনিবাৰে বিছনাৰ পৰা নামি হাস্পতালৰ কোঠাৰ ভিতৰতে লাহে লাহে খোজ কাঢ়িলে মইনাই। চিকিৎসা কৰ্মীৰ সৈতে পাতিলে দুই–এটা কথা।

  • Share this:
হাস্পতালৰ বিছনাত মইনাই হাঁহিছে। বিগত ১০টা দিন জিএমচিএইচত চিকিৎসাধীন হৈ থকা মইনাই লাহে লাহে খোজ কাঢ়িছে। ভগৱানে যেন অসমবাসীৰ প্ৰাৰ্থনা শুনিলে, ক্ৰমাৎ সুস্থ হৈ উঠিছে মইনা নায়ক।

বিগত ১০ দিন জিএমচিএইচৰ চিকিৎসকৰ অক্লান্ত প্ৰচেষ্টাত মইনা নায়ক এতিয়া বহু পৰিমাণে সুস্থ। মইনাই হাস্পতালৰ বিছনাত বহিছে, লাহে লাহে খোজ কাঢ়িছে। খবৰ ল’বলৈ যোৱা মানুহক হাঁহিৰে সম্ভাষণ জনাইছে।

তিনি–চাৰিদিন পূৰ্বলৈ মইনাই হাস্পতালৰ বিছনাত শুই মৃত্যুৰ ক্ষণ গণিছে বুলিয়ে বহুতেই ধাৰণা কৰিছিল। কিন্তু একপ্ৰকাৰ অসাধ্য সাধন কৰিলে জিএমচিএইচৰ চিকিৎসকে। চিকিৎসকৰ অক্লান্ত পৰিশ্ৰমৰ বাবেই মইনা এতিয়া বহু পৰিমাণে সুস্থ।

শনিবাৰে বিছনাৰ পৰা নামি হাস্পতালৰ কোঠাৰ ভিতৰতে লাহে লাহে খোজ কাঢ়িলে মইনাই। চিকিৎসা কৰ্মীৰ সৈতে পাতিলে দুই–এটা কথা। মইনাৰ ওঁঠত যেন জীৱনক ঘূৰাই পোৱাৰ সেই প্ৰশান্তিৰ উজ্জ্বল হাঁহি।

মইনাক এতিয়া মুখেৰে খাদ্য খাবলৈ দিয়া হৈছে। অসমৰবাসীৰ প্ৰাৰ্থনা আৰু জিএমচিএইচৰ চিকিৎসকৰ চেষ্টাত শীঘ্ৰে মইনাই স্বাভাৱিক জীৱনলৈ উভতি আহিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে সকলোৱে। ইয়াৰ সম্পূৰ্ণ কৃতিত্বৰ দাবীদাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকসকল। সকলোৱে আশা কৰিছে মইনাৰ এই হাঁহি চিৰস্থায়ী হ’ব, শীঘ্ৰে স্বাভাৱিক জীৱনলৈ উভতিব মইনা।

উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ অস্থায়ী শ্ৰমিক মইনা নায়কে বাগিচাৰ চিটিচি কাটিং মেচিনত পৰিছিল। যাৰ ফলত লাওখোলা এৰাই যোৱাৰ লগতে এখন হাত ভাগিছিল মইনা নায়কৰ। সংকটজনক অৱস্থাত মইনা নায়কক অনা হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি