নলবাৰী, ২৭ মাৰ্চ: নলবাৰীৰ বগুৰীহাটীত সোমবাৰৰ পৰা ছয়দিনীয়া কাৰ্যসূচীৰে বগুৰীহাটী বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজাৰ মহাৰজত জয়ন্তী উৎসৱ উদযাপন কৰা হৈছে। পুৱাৰে পৰা যথেষ্ট ভক্তৰ সমাগমেৰে মুখৰিত হৈ পৰিল মহাৰজত জয়ন্তী মহোৎসৱ উদযাপনস্থলী।
পুৱা পতাকা উত্তোলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পিছতেই এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে চেনেলপেহী খ্যাত অভিনেত্ৰী ৰুমী ভূঞা তালুকদাৰে। সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন থলুৱা কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয় ।
সোমবাৰৰ পৰা ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা বগুৰীহাটী বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজাৰ মহাৰজত জয়ন্তীৰ প্ৰতিদিনে নাম প্ৰসংগ, বন্তি প্ৰজ্বলন, বৃক্ষ ৰোপণ, ওজাপালি আৰু ঢুলীয়া প্ৰদৰ্শন, নাগাৰা নাম প্ৰদৰ্শন , আয়তিৰ নাম প্ৰতিযোগিতা, কবিতা আবৃত্তি, মুকলি প্ৰশ্নমঞ্চ, চিত্ৰাংকন প্ৰতিযোগিতা, লোকগীত আৰু বিয়ানাম প্ৰতিযোগিতা, আলোচনা চক্ৰ, স্মৃতিগ্ৰন্থ উন্মোচন, নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব ।
১ এপ্ৰিলৰ নিশা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই সংগীত পৰিৱেশন কৰিব । উল্লেখ্য যে অহা ১ এপ্ৰিলত সামৰণি পৰিব বগুৰীহাটী বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজা মহাৰজত জয়ন্তী সমাৰোহৰ ।
Published by: Gautam Barman
FIRST PUBLISHED : March 27, 2023, 18:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।