
মৰিগাঁও আৰক্ষীৰ গুলীচালনা
মৰিগাঁও আৰক্ষীৰ গুলীচালনা
নগাঁৱৰ ম'হখুলিত আজি সন্ধ্যা প্ৰায় ৬বজাত এখন বাহনলৈ লক্ষ্য কৰি অসামৰিক পোছাকত অহা আৰক্ষীৰ দলে গুলীচালনা কৰে। জানিব পৰা মতে, মৰিগাঁৱৰ পৰা লখিমপুৰ অভিমুখে গৈ থকা বাহনখনক মৰিগাঁও আৰক্ষীৰ এটা দলে অনুসৰণ কৰি আহিছিল। নগাঁও মেডিকেল কলেজ পাৰ হোৱাৰ পিছতেই আৰক্ষীৰ দলটোৱে পলাশনী পথাৰৰ সমীপত বাহনখনলৈ গুলীচালনা কৰে। আৰক্ষীয়ে বাহনখনত অহা ৫যুৱকক আটক কৰি নগাঁও সদৰ আৰক্ষী থানালৈ লৈ যায়। আটকাধীন যুৱককেইজন লখিমপুৰ জিলাৰ শিয়ালমাৰীৰ নুৰুল হক চৌধুৰী, ছফিকুল আলী, ছাইফুল ইছলাম আৰু ছাইদুল আলী।
আৰক্ষীয়ে আছাদুল ইছলাম নামৰ মৈৰাবাৰী পলাশজুৰিৰ এজন কুখ্যাত ড্ৰাগছ মাফিয়াকো আটক কৰিছে। ইতিমধ্যে আছাদুলক লগত লৈ মৰিগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই আছে। নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জনোৱা মতে, ড্ৰাগছৰ সন্ধানতে এই অভিযান চলাইছিল মৰিগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা দলটোৱে। উল্লেখযোগ্য যে, আজিৰ পৰা কিছুদিন পূৰ্বে আছাদূল ইছলামৰ ঘৰৰ পৰা আৰক্ষীয়ে ব্ৰাউন ছুগাৰ, নগদ ৫লাখ ৫০হাজাৰ টকা আৰু দুখন বিলাসী বাহন জব্দ কৰিছিল। কিন্তু আছাদুলে আৰক্ষীৰ চকুত ধূলি দি পলায়ণ কৰিছিল। সেয়ে আছাদুলক গ্ৰেপ্তাৰৰ বাবেই এই অভিযান চলাৰ সম্ভাৱনাও ব্যক্ত কৰিছে নগাঁৱৰ আৰক্ষীৰ এক সূত্ৰই
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|