১৬ আগষ্টৰ পৰা পিছত ৰাজ্যত কি কি দিশত থাকিব শিথিলতা? সলনি হ’ব পাৰে বহু কেইটা নীতি-নিয়ম

News18 Assam | News18-Assam
Updated:August 12, 2020, 10:46 PM IST
১৬ আগষ্টৰ পৰা পিছত ৰাজ্যত কি কি দিশত থাকিব শিথিলতা? সলনি হ’ব পাৰে বহু কেইটা নীতি-নিয়ম
অহা ১৬ আগষ্টৰ পৰা ৰাজ্য চৰকাৰে সাল-সলনি কৰিব পাৰে বহু খিনি নীতি নিয়ম।

অহা ১৬ আগষ্টৰ পৰা ৰাজ্য চৰকাৰে সাল-সলনি কৰিব পাৰে বহু খিনি নীতি নিয়ম।

  • Share this:
ৰাজ্যত এতিয়াও অব্যাহত আছে কোৰোণাৰ সংহাৰ। প্ৰতিদিনাই বাঢ়িছে কোৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। তাৰ মাজতে অহা ১৬ আগষ্টৰ পৰা ৰাজ্য চৰকাৰে সাল-সলনি কৰিব পাৰে বহু খিনি নীতি নিয়ম। চলি থকা আনল’ক প্ৰক্ৰিয়াত বহুখিনি শিথিলতা বলৱত্‍ কৰিব পাৰে। জানিব পৰা মতে, ইতিমধ্যে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কি  কি নীতি -নিয়ম থাকিবঃ


  • পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৯ বজালৈ খুলিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান।

  • সোমবাৰৰ পৰা শুকুৰবাৰলৈ আন্তঃজিলা যাতায়াত।

  • ৰাজহুৱা পৰিবহণ সেৱা আৰম্ভ হ’ব। কিন্তু কোভিড প্ৰট’কল, সামাজিক ব্যৱধান মানি চলাটো বাধ্যমূলক।

  • নিশা ৯.৩০ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন।


  • চিনেমা, ছুইমিং পুল, পাৰ্ক, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ বন্ধ থাকিব।

  • শনিবাৰ আৰু দেওবাৰে সাপ্তাহিক ল’ক ডাউন সমগ্ৰ ৰাজ্যতে অব্যাহত থাকিব। 

  • ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।


অহা ৩১ আগষ্টলৈকে বাহাল থাকিব পাৰে এই সমূহ নীতি-নিয়ম।
Published by: Himangshu Bhuyan
First published: August 12, 2020, 10:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading