উজনি অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, চাবুৱাত অগপ প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ

News18 Assam | News18-Assam
Updated:March 8, 2021, 5:37 PM IST
উজনি অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, চাবুৱাত অগপ প্ৰাৰ্থীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ
এয়া এক ঐতিহাসিক ৰেলী হ'ব বুলি মন্তব্য কৰিছে মিত্ৰজোঁটৰ নেতা তথা চাবুৱাৰ অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাই।

এয়া এক ঐতিহাসিক ৰেলী হ'ব বুলি মন্তব্য কৰিছে মিত্ৰজোঁটৰ নেতা তথা চাবুৱাৰ অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাই।

  • Share this:
উজনি অসমত বিজেপি মিত্ৰজোঁটৰ শক্তি বৃদ্ধি কৰিবলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ২০ মাৰ্চত প্ৰধানমন্ত্ৰীগৰাকীয়ে চাবুৱাত এখন বিশাল নিৰ্বাচনী সভাত অংশ ল'ব। প্ৰধানমন্ত্ৰীৰ আগমনকলৈ এতিয়া তৎপৰ হৈ পৰিছে ৰাজ্যিক তথা উজনিৰ বিজেপি আৰু মিত্ৰ দল অগপ।

প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভাত চুবুৰীয়া প্ৰতিটো সমষ্টিৰ পৰা ১০ হাজাৰকৈ লোকৰ অংশগ্ৰহণৰ দিহা কৰিব বিচাৰিছে বিজেপিৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে। মোদীৰ এই সভাই নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি মিত্ৰজোঁটৰ শক্তি বৃদ্ধি কৰিব বুলি মন্তব্য কৰিছে প্ৰশান্ত ফুকনে।

ইফালে এয়া এক ঐতিহাসিক ৰেলী হ'ব বুলি মন্তব্য কৰিছে মিত্ৰজোঁটৰ নেতা তথা চাবুৱাৰ অগপ প্ৰাৰ্থী পোনাকণ বৰুৱাই।
Published by: Himangshu Bhuyan
First published: March 8, 2021, 5:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি