মোদী মন্ত্ৰী সভাত স্থান লাভ কৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই? কোন সমষ্টিৰ পৰা হ’ব নিৰ্বাচিত?

News18 Assam | News18-Assam
Updated:August 3, 2020, 8:50 PM IST
মোদী মন্ত্ৰী সভাত স্থান লাভ কৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই? কোন সমষ্টিৰ পৰা হ’ব নিৰ্বাচিত?
অচিৰেই সম্প্ৰসাৰণ হ’ব কেন্দ্ৰীয় মন্ত্ৰী সভা। মন্ত্ৰী সভাত অসমৰ পৰা স্থান লাভ কৰাৰ সম্ভাৱনা আছে নেডাৰ আহ্বায়ক ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

অচিৰেই সম্প্ৰসাৰণ হ’ব কেন্দ্ৰীয় মন্ত্ৰী সভা। মন্ত্ৰী সভাত অসমৰ পৰা স্থান লাভ কৰাৰ সম্ভাৱনা আছে নেডাৰ আহ্বায়ক ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

  • Share this:
অচিৰেই সম্প্ৰসাৰণ হ’ব কেন্দ্ৰীয় মন্ত্ৰী সভা। মন্ত্ৰী সভাত অসমৰ পৰা স্থান লাভ কৰাৰ সম্ভাৱনা আছে নেডাৰ আহ্বায়ক ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনৰ পিছতে হ’বলগীয়া মোদী মন্ত্ৰী সভাৰ সম্প্ৰসাৰণকলৈ ব্যাপক চৰ্চা লাভ কৰিছে দেশৰ ৰাজনীতিত।

মন্ত্ৰী ড০ শৰ্মাই মন্ত্ৰীসভাত স্থান কৰিব বুলি খবৰ ওলোৱাৰ খবৰে ৰাজ্যৰ চৌদিশে তীব্ৰ চৰ্চা লাভ কৰিছে। হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰী বিধান সভা সমষ্টিৰ বিধায়ক হিচাপে সৰ্বানন্দ সোণোৱাল মন্ত্ৰী সভাৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিচাপে আছে।

হিমন্তই যদিহে কেন্দ্ৰীয় মন্ত্ৰী সভাত স্থান লাভ কৰে, তেন্তে কোন সমষ্টিৰ পৰা হ’ব সাংসদ?

মন্ত্ৰী সভাত স্থান লাভ কৰিব বুলি খবৰ ওলোৱাৰ পিছতে এতিয়া কোন সমষ্টিৰ পৰা ড০ শৰ্মা নিৰ্বাচিত হ’ব ,সেইলৈও ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা চলিছে। বিজেপি নেতা-কৰ্মীৰ মাজতো চলিছে ব্যাপক গুণা-গঁথা।

আগন্তুক এবছৰত অসমত খালী নহয় ৰাজ্যসভাৰ কোনো আসন। গতিকে হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় মন্ত্ৰী হলে তেওঁৰ বাবে অসমৰ বিজেপি সাংসদ কেইজনৰ ভিতৰত কোনো এজনে সাংসদ পদ ত্যাগ কৰি  ছমাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাক জয়লাভৰ বাট দেখুৱাব লাগিব অথবা বিজেপিয়ে ছয় মাহৰ ভিতৰত অন্য ৰাজ্যৰ পৰা ৰাজ্যসভাৰ আসনত হিমন্ত বিশ্ব শৰ্মাক জয় লাভ কৰাই দেশৰ উচ্চ সদনলৈ লৈ যাব লাগিব।

উল্লেখযোগ্য যে, ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়তো অসমৰ তেজপুৰ আসনখনত বিজেপি টিকট লাভৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ নাম চৰ্চালৈ আহিছিল।
Published by: Himangshu Bhuyan
First published: August 3, 2020, 8:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading