দেশৰ প্ৰতিখন ৰাজ্যতে উন্মোচন কৰিবলগীয়া Modi@20: Dreams Meet Delivery শীৰ্ষক গ্ৰন্থখন আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো উন্মোচন কৰা হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২০ বছৰীয়া ৰাজনৈতিক জীৱন পৰিক্ৰমাৰ ওপৰত প্ৰকাশিত গ্ৰন্থ 'Modi@20: Dreams Meet Delivery'ৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ শাসকীয় দলৰ সাংসদ, মন্ত্ৰী তথা বিধায়কৰ লগতে বহুকেইগৰাকী বিশিষ্ট নাগৰিকে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) লগতে জ্যেষ্ঠ সাংবাদিক ধীৰেন চক্ৰৱৰ্তী, হিমা দাস, লাভলিনা বৰগোহাঁই, পি ভি সিন্ধু প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট নাগৰিকে গ্ৰন্থখন উন্মোচন কৰে।
এই গ্ৰন্থখন ৰূপা পাব্লিকেচনে প্ৰকাশ কৰাৰ লগতে ব্লু কাফ্ট ডিজিটেল ফাউণ্ডেচনে সম্পাদনা আৰু সংকলিত কৰিছে। প্ৰধানমন্ত্ৰী হিচাপে নেতৃত্ব লোৱা মোদীৰ ২০ বছৰীয়া ৰাজনৈতিক যাত্ৰাৰ ওপৰত দেশৰ বহু কেইগৰাকী অভিজ্ঞ লোকৰ লেখা সন্নিৱিষ্ট কৰা হৈছে গ্ৰন্থখনত।
Published by: Gautam Barman
FIRST PUBLISHED : June 25, 2022, 20:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।