• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমীয়া ঢেঁকীক আধুনিকীকৰণেৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ ল'লে নাহৰকটীয়াৰ চৰকাৰী স্কুলৰ দুই ছাত্ৰই

অসমীয়া ঢেঁকীক আধুনিকীকৰণেৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ ল'লে নাহৰকটীয়াৰ চৰকাৰী স্কুলৰ দুই ছাত্ৰই

modernization of Assamese dheki : ঢেঁকীৰ আধুনিকৰণৰ বাবে এই দুই মেধাৱী ছাত্ৰই দুখন ছ'লাৰ প্লেট ,বেটেৰী আৰু মটৰ ব্যৱহাৰ কৰিছে।

modernization of Assamese dheki : ঢেঁকীৰ আধুনিকৰণৰ বাবে এই দুই মেধাৱী ছাত্ৰই দুখন ছ'লাৰ প্লেট ,বেটেৰী আৰু মটৰ ব্যৱহাৰ কৰিছে।

modernization of Assamese dheki : ঢেঁকীৰ আধুনিকৰণৰ বাবে এই দুই মেধাৱী ছাত্ৰই দুখন ছ'লাৰ প্লেট ,বেটেৰী আৰু মটৰ ব্যৱহাৰ কৰিছে।

  • Share this:
অসমীয়া চহা জীৱনৰ অবিচ্ছেদ্য অংগ ঢেঁকী (Assamese dheki)ক আধুনিকৰণ কৰি অসমৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে নাহৰকটীয়াৰ চৰকাৰী মাধ্যমৰ দুই মেধাৱী ছাত্ৰই। নাহৰকটীয়াৰ (Naharkotia) চাচনীৰ চেচা সত্ৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ মৌচুম হাজৰিকা আৰু প্ৰীতম সোণোৱালে ২৯ সংখ্যক শিশু বিজ্ঞান সমাৰোহৰ মূল বিষয় "বহনক্ষম জীৱনৰ বাবে বিজ্ঞান"ৰ ওপৰতে "অসমৰ পৰম্পৰাগত ঢেঁকীৰ কাৰ্যক্ষমতা আৰু উন্নতি সাধন" নামেৰে এক প্ৰকল্প প্ৰস্তুত কৰে।

এই প্ৰকল্প অনুসৰি ঢেঁকীক আধুনিকীকৰণ (modernization of Assamese dheki) কৰি প্ৰথমে ৰাজ্যিক আৰু তাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিৰ্বাচিত হোৱা মুঠ ২৬টা দলৰ ভিতৰত নিজৰ স্থান দখল কৰিবলৈ কৰিবলৈ সক্ষম হৈছে দুই মেধাৱী ছাত্ৰই।

ঢেঁকীৰ আধুনিকৰণৰ বাবে এই দুই মেধাৱী ছাত্ৰই দুখন ছ'লাৰ প্লেট ,বেটেৰী আৰু মটৰ ব্যৱহাৰ কৰিছে। ছাত্ৰ দুগৰাকীয়ে নিৰ্মাণ কৰি উলিওৱা ঢেঁকীক একেই ৰূপত ৰাখি কেৱল মানুহৰ ঠাইত মটৰ ব্যৱহাৰ কৰি এই আধুনিক ঢেঁকীটোৰ আৰ্হি নিৰ্মাণ কৰি উলিয়াইছে।ঢেঁকীৰ আধুনিকৰণ এই আৰ্হিৰ যদি সফল ৰূপায়ণ কৰা হয় তেন্তে  ইয়াৰ  দ্বাৰা ঘণ্টাত পাঁচৰ পৰা দহ কেজি পৰ্যন্ত চাউল, চিৰা আৰু হালধি খুন্দি সময় ৰাহি কৰিব পাৰিব।

ইফালে চলিত মাহতে গুজৰাটৰ আহমেদাবাদৰ ছায়েন্স চিটীত (Gujarat Science City) অনুষ্ঠিত হ'বলগীয়া বিজ্ঞান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্থান দখলেৰে অসম আৰু নিজৰ বিদ্যালয়লৈ সুনাম কঢ়িয়াই অনাত সফল হ'ব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী দুয়োগৰাকী ছাত্ৰৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী। যি সময়ত একাংশ লোকৰ অসমীয়া মাধ্যম (assamese medium)ৰ  লগতে চৰকাৰী বিদ্যালয়ৰ প্ৰতি মোহভংগ ঘটিছে, সেই সময়তে চৰকাৰী বিদ্যালয়ৰ (government schools) অসমীয়া মাধ্যমত অধ্যয়ন কৰি  ছাত্ৰ দুগৰাকীয়ে  যিদৰে সফলতা লাভ কৰিছে, সেয়া নিশ্চয়কৈ প্ৰশংসাৰ পাত্ৰ।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Gautam Barman
First published: