உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ই-বিধানসভাৰ দিশে অসম বিধানসভা, মন্ত্ৰী-বিধায়কে ব্যৱহাৰ কৰিব লেপটপ, পেপাৰলেছ হ'ব সদন

    ই-বিধানসভাৰ দিশে অসম বিধানসভা, মন্ত্ৰী-বিধায়কে ব্যৱহাৰ কৰিব লেপটপ, পেপাৰলেছ হ'ব সদন

    বিধানসভাৰ কক্ষত ব্যৱহাৰ হ'ব জামাৰ, নাথাকিব মোবাইলৰ নেটৱৰ্ক।

    বিধানসভাৰ কক্ষত ব্যৱহাৰ হ'ব জামাৰ, নাথাকিব মোবাইলৰ নেটৱৰ্ক।

    বিধানসভাৰ কক্ষত ব্যৱহাৰ হ'ব জামাৰ, নাথাকিব মোবাইলৰ নেটৱৰ্ক।

    • Share this:

    ১২ জুলাইৰ পৰা ১৩ আগষ্টলৈ চলিবলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পৰাই কাৰ্যকৰী হ'ব কেতবোৰ নতুন নীতি-নিয়মৰ ৷ অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰে পৰা বিশ্বজিৎ দৈমাৰীয়ে নতুন চিন্তা আৰু আধুনিক তথ্য প্ৰযুক্তিৰে অসম বিধানসভাক ত্বৰান্বিত কৰিবলৈ প্ৰচেষ্টা চলাইছে ৷


    ইয়াৰ অংশ হিচাপে পুৰণি নীতি-নিয়মক আঁতৰাই তথ্য–প্ৰযুক্তিক গুৰুত্ব দি এইবাৰৰ পৰা অসম বিধানসভাৰ প্ৰতিজন সদস্যক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে ডিজিটেল পৰিচয় পত্ৰৰ ৷ বিধানসভাত প্ৰৱেশ কৰোঁতে মেচিনত শ্বৱাইপ কৰাই সকলো সদস্যই প্ৰৱেশ কৰিব আৰু এইক্ষেত্ৰত নিৰাপত্তাৰক্ষীৰ কাম সহজ হ'ব বুলি বৃহস্পতিবাৰে সাংবাদিকক জনালে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৷


    একেদৰে চৰকাৰৰ আমোলা-বিষয়া, বিধানসভাৰ বিষয়া-কৰ্মচাৰী, সাংবাদিক আৰু দৰ্শনাৰ্থীৰ বাবেও ডিজিটেল পৰিচয় পত্ৰ বা ডিজিটেল পাছৰ ব্যৱস্থা কৰা হ'ব ৷ লগতে ই-বিধানসভা হিচাপে অসম বিধানসভাক গঢ়ি তুলিবলৈ ১২ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনৰ পৰাই পদক্ষেপ আৰম্ভ কৰিব অধ্যক্ষ দৈমাৰীয়ে ৷ ইয়াৰ বাবে আসন্ন অধিৱেশনৰ পৰাই মন্ত্ৰী-বিধায়কসকলে সদনত ব্যৱহাৰ কৰিব পাৰিব লেপটপৰ৷


    অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে লগতে কয়- “বিধানসভাৰ কক্ষত এইবাৰৰ পৰা জামাৰ ব্যৱহাৰ কৰা হ'ব ৷ জামাৰ ব্যৱহাৰ কৰিলে কোনেও বিধানসভাৰ কক্ষত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ৷ কিন্তু লেপটপত কেবলৰ জৰিয়তে নেটৱৰ্ক পাব  বিধানসভাৰ সদস্যসকলে ৷”


    বিধানসভাত সাংবাদিকৰ বাতৰি সংগ্ৰহৰ প্ৰক্ৰিয়াতো কেতবোৰ নতুনত্ব অনা হৈছে ৷ বিধানসভাৰ ভিতৰত কোন সাংবাদিকে প্ৰৱেশ কৰিব, কোন সাংবাদিকে মন্ত্ৰীৰ কাৰ্যালয়লৈ যাব পাৰিব; তাৰ ওপৰতো নতুন নিয়মৰ ব্যৱস্থা কৰিব ৷ মুঠতে আসন্ন বিধানসভাৰ বাজেট অধিৱেশনৰ পৰাই আৰম্ভ হ'ব এই সকলো নতুন নীতি-নিয়মৰ ৷

    Published by:Gautam Barman
    First published: