• Home
  • »
  • News
  • »
  • assam
  • »
  • 'এনেধৰণৰ ঘটনাত জড়িতসকলক কেতিয়াও ক্ষমা নকৰো, কঠোৰ হাতেৰে দমন কৰিম'-বটদ্ৰৱাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

'এনেধৰণৰ ঘটনাত জড়িতসকলক কেতিয়াও ক্ষমা নকৰো, কঠোৰ হাতেৰে দমন কৰিম'-বটদ্ৰৱাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

শনিবাৰে বটদ্ৰৱাত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। থানাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি একাংশ উত্তেজিত লোকে থানা জ্বলাই দিয়াৰ লগতে আৰক্ষীৰ লোকক প্ৰহাৰ কৰে।

  • Share this:
শনিবাৰে বটদ্ৰৱাত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। থানাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি একাংশ উত্তেজিত লোকে থানা জ্বলাই দিয়াৰ লগতে আৰক্ষীৰ লোকক প্ৰহাৰ কৰে। বৰ্তমান চলি আছে ঘটনাৰ তদন্ত। এইবাৰ হৈ যোৱা এই হিংসাত্মক ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,  'আমি সভাই সমিতিয়ে কোৱা কথাবোৰেই ইয়াৰ প্ৰমাণ হ'ল। বটদ্ৰৱাৰ ঘটনাই প্ৰমাণ কৰিলে অসমত সাধাৰণ নাগৰিক কেনেকৈ জীয়াই আছে। যিসকল এই ঘটনাত জড়িত, সেইসকলৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা ল'ম। আন সকলোকো সকিয়াই দিব বিচাৰো যে, আমাৰ চৰকাৰ থকালৈকে আমি এনেধৰণৰ কামত জড়িত সকলক আমি কেতিয়াও ক্ষমা নকৰো। আমি কঠোৰ হাতেৰে দমন কৰিম।'

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 'বটদ্ৰৱাত বহু মাটি বেদখলৰ কব্জাত আছে। বেদখলকাৰীৰ মাটি দখলমুক্ত কৰিবলৈ মই জিলা উপায়ুক্তক কৈছো। বটদ্ৰৱাৰ আশে-পাশে বেদখলত থকা বা অঞ্চলটোৰ শান্তি-সম্প্ৰীতিত বাধা হ'ব পৰা সকলৰ বিৰুদ্ধে উচ্ছেদেই হওক বা আইনী ব্যৱস্থা ল'বলৈ আৰক্ষী প্ৰশাসনক কৈছো।'
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি