নেটৱৰ্ক নথকাকৈও যে কল কৰিব পাৰি সেই কথা আপুনি জানেনে? হয়, পাৰি। ভাৰতত শেহতীয়াকৈ এই সুবিধা প্ৰদান কৰিছে টেলিকম কোম্পানী এয়াৰটেলে। আপুনি ফোনৰ নেটৱৰ্ক নাথাকিলেও কৰিব পাৰিব কল। এয়াৰটেলৰ এই নতুন সুবিধাৰ নাম হৈছে Airtel Wi-Fi Calling। বিশেষকৈ ইনড’ৰ লোকেশ্যনত ভইচ কলৰ বাবে এই সুবিধা মুকলি কৰা হৈছে।
প্ৰথমে এই সুবিধা কেৱল দিল্লী এন চি আৰৰ বাবে মুকলি কৰা হৈছিল, এতিয়া মুম্বাই, কলকাতা, অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু তামিলনাডুতো মুকলি কৰা হৈছে। এয়াৰটেলৰ মতে, Airtel Wi-Fi Calling সুবিধাৰ সহায়ত গ্ৰাহকে ঘৰ বা কাৰ্যালয়ত ৱাই–ফাইৰ সৈতে সংযোগ হ’লে ইনড’ৰ লোকেশ্যনত ভাল সংকেত লাভ কৰে। এই সুবিধাৰ জৰিয়তে গ্ৰাহকে বিনামূলীয়াকৈ ইণ্টাৰনেটৰ জৰিয়তে ফোনত কথা পাতিব পাৰিব।
Wi-Fi কলিঙৰ এই সুবিধা বৰ্তমান একাংশ স্মাৰ্টফোনতহে ছাপ’৸ৰ্ট কৰে, যিসমূহত 6s বা তাতকৈ অধিক ভেৰিয়েণ্ট আছে। Redmi K20, Redmi k20 Pro, পক’৸ F1, ছেমছং S10, S10+, S10e, Samsung M20 আৰু ৱান প্লাছ 6, ৱান প্লাছ 6T আদি স্মাৰ্টফোনত ছাপ’৸ৰ্ট কৰিব এই সুবিধা।
কেনেকৈ কৰিব কল?
>> প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে নিশ্চিত কৰক যে আপোনাৰ স্মাৰ্টফোন লেটেষ্ট অপাৰেটিং ছিষ্টেমত কাম কৰে। ইয়াৰ পিছত প্ৰথমে ফোনৰ ছেটিঙলৈ যাওক আৰু WiFi Calling Enable কৰক।
>> আপোনাৰ ফোনত VoLTE ছুইচ অন থকাটো নিশ্চিত কৰক।
কি এই WiFi Calling?
ৱাই–ফাই কলিঙক ভইচ অভাৰ ৱাই–ফাই বা VoWiFi বুলিও কোৱা হয়। ৱাই–ফাইৰ জৰিয়তে আপুনি হোম ৱাই–ফাই, পাব্লিক ৱাই–ফাই আৰু ৱাই–ফাই হটস্পটৰ সহায়ত কলিং কৰিব পৰা যায়।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|