মোবাইল চুৰি কৰি আৰক্ষীৰ জালত চৰকাৰী অফিচাৰ, চিচিটিভিত বন্দী হৈ ৰ’ল ছাৰৰ কু–কীৰ্তি

News18 Assam | News18-Assam
Updated:October 20, 2020, 12:43 PM IST
মোবাইল চুৰি কৰি আৰক্ষীৰ জালত চৰকাৰী অফিচাৰ, চিচিটিভিত বন্দী হৈ ৰ’ল ছাৰৰ কু–কীৰ্তি
দোকানৰ গৰাকীয়ে দোকানত সংযোগ কৰা চি চি কেমেৰাৰ ফুটেজ চাই মোবাইল ফোনটো আলী আশ্রফে চুৰি কৰি নিয়া ধৰা পেলাই।

দোকানৰ গৰাকীয়ে দোকানত সংযোগ কৰা চি চি কেমেৰাৰ ফুটেজ চাই মোবাইল ফোনটো আলী আশ্রফে চুৰি কৰি নিয়া ধৰা পেলাই।

  • Share this:
কাপোৰৰ দোকানৰ পৰা মোবাইল চুৰি কৰি আৰক্ষীৰ জালত পৰিল এজন ৰাজ্য চৰকাৰৰ নগৰ পৰিকল্পনা বিভাগৰ এজন উপ–সঞ্চালক। মহানগৰীৰ ছয়মাইলৰ দ্বাৰান্ধাৰ পৰা গ্ৰেপ্তাৰ কৰা লোক জন হৈছে মঃ আলী আশ্ৰফ।

উল্লেখ্য যে, পাঞ্জাবাৰীৰ বাঘৰবৰীৰ "Yash Josh" নামৰ এখন  কাপোৰৰ বিপণীত ১৮ অক্টোবৰৰ সন্ধিয়া কাপোৰ ক্ৰয় কৰিবলৈ আহিছিল লোকজন। কাপোৰ চোৱাৰ চলেৰে চৰকাৰী বিষয়াজনে দোকানৰ গৰাকীৰ এটা দামী মোবাইল কৌশলেৰে চুৰি কৰি আঁতৰি যায়।

পিছত কাপোৰৰ দোকানৰ গৰাকীয়ে দোকানত সংযোগ কৰা চি চি কেমেৰাৰ ফুটেজ চাই মোবাইল ফোনটো আলী আশ্রফে চুৰি কৰি নিয়া ধৰা পেলাই। ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে সাতগাঁও থানাত এখন এজাহাৰ দাখিল কৰে।

সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দাৰান্ধাত অভিযান চলাই চৰকাৰী বিষয়াজনক গ্ৰেপ্তাৰ কৰে। লগতে চুৰি কৰি নিয়া মোবাইলটোৰ সন্ধানৰ বাবে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by: Sanjay Kumar Das
First published: October 20, 2020, 12:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি