দুবছৰ ধৰি কোভিডৰ বাবে বন্ধ হৈ থকা থলুৱা উদ্যোগটোৰ যেন পুনৰ প্ৰাণ পাই উঠিছে। উৎফুল্লিত হৈ পৰিছে কলা-কুশলী আৰু ভ্ৰাম্যমাণৰ দৰ্শক।
দুবছৰ ধৰি কোভিডৰ বাবে বন্ধ হৈ থকা থলুৱা উদ্যোগটোৰ যেন পুনৰ প্ৰাণ পাই উঠিছে। উৎফুল্লিত হৈ পৰিছে কলা-কুশলী আৰু ভ্ৰাম্যমাণৰ দৰ্শক।
প্ৰায় দুটা বছৰৰ পিছত পুনৰ প্ৰাণ পাই উঠিছে ভ্ৰাম্যমাণ থিয়েটাৰ Mobile Theatre)। চৰকাৰে ভাম্যমাণ থিয়েটাৰৰ দৰ্শনীৰ অনুমতি দিয়াৰ পিছতে আৰম্ভ হৈছে এক নতুন যাত্ৰা। আৱাহন আৰু ইতিহাস থিয়েটাৰে শুভাৰম্ভ কৰিলে নতুন নাট্যবৰ্ষৰ।
নাট্যদল দুটিয়ে দুবছৰৰ পিছত কোভিডৰ নীতি মানি আৰম্ভ কৰিলে নাট। কোৰোণা ভাইৰাছ সংক্ৰমণক লৈ আৱাহনে থিয়েটাৰে উপস্থাপন কৰিলে নৃত্য-নাটিকা। নলবাৰীৰ বৰভাগত আৰম্ভ আৱাহন থিয়েটাৰ আৰু খাটিকুছিত ইতিহাস থিয়েটাৰৰ নাট প্ৰদৰ্শন। চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম মানি বৰভাগ যুৱ সমাজৰ উদ্যোগত আমন্ত্ৰিত আৱাহন থিয়েটাৰে নাট প্ৰদৰ্শন কৰে।
ইফালে থিয়েটাৰ চাবলৈ মুখত মাস্ক মাৰি আহিল দৰ্শক। উল্লেখ্য যে আৰম্ভণিতে দুদিনিয়াকৈ নাট প্ৰদৰ্শন কৰিব থিয়েটাৰ দলসমূহে। আৱাহন থিয়েটাৰে প্ৰথমদিনাই অভিজিত ভট্টাচাৰ্যৰ জয়মতী নাটখন প্ৰদৰ্শন কৰে। ইফালে জিলাখনৰ খাটিকুছিত ইতিহাসৰ মঞ্চত ভূল নুবুজিবা ভূপেনদা নাটখন মঞ্চস্থ কৰা হয়।
দুবছৰ ধৰি কোভিডৰ বাবে বন্ধ হৈ থকা থলুৱা উদ্যোগটোৰ যেন পুনৰ প্ৰাণ পাই উঠিছে। উৎফুল্লিত হৈ পৰিছে কলা-কুশলী আৰু ভ্ৰাম্যমাণৰ দৰ্শক। কোভিডৰ নীতি-নিয়ম মানি নাটক চাবলৈ আহিবলৈ আহবান জনাইছে থিয়েটাৰ দল সমূহে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|