কি চলিছে ভ্ৰাম্যমাণ থিয়েটাৰত? প্ৰাঞ্জনা দত্তৰ চকুপানীৰ পিছত এইবাৰ মৌচুমী লস্কৰৰ গুৰুতৰ অভিযোগ

চিৰঞ্জীৱ থিয়েটাৰৰ মালিকৰ বিৰুদ্ধে নিৰ্যাতন তথা প্ৰাপ্য মাননী আদায় নিদিয়াৰ অভিযোগ অভিনেত্ৰী মৌচুমী লস্কৰৰ।

News18-Assam
Updated:June 28, 2019, 9:31 AM IST
কি চলিছে ভ্ৰাম্যমাণ থিয়েটাৰত? প্ৰাঞ্জনা দত্তৰ চকুপানীৰ পিছত এইবাৰ মৌচুমী লস্কৰৰ গুৰুতৰ অভিযোগ
চিৰঞ্জীৱ থিয়েটাৰৰ মালিকৰ বিৰুদ্ধে নিৰ্যাতন তথা প্ৰাপ্য মাননী আদায় নিদিয়াৰ অভিযোগ অভিনেত্ৰী মৌচুমী লস্কৰৰ।
News18-Assam
Updated: June 28, 2019, 9:31 AM IST
আকৌ বিতৰ্কত ভ্ৰাম্যমাণ থিয়েটাৰ। প্ৰাঞ্জনা দত্তৰ পিছত এইবাৰ আন এগৰাকী অভিনেত্ৰীক প্ৰতাৰণা কৰাৰ ঘটনা পোহৰলৈ আহিছে। কিছুদিন পূৰ্বে বৰদৈচিলা থিয়েটাৰে অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ চুক্তি বাতিল কৰাৰ পিছতে ৰাজ্যৰ সাংস্কৃতিক মহলত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। নাট্যগোষ্ঠীৰ বিৰুদ্ধে সংবাদমেল পাতি ক্ষোভ উজাৰিছিল অভিনেত্ৰী প্ৰাঞ্জনাই।

এইবাৰ মৌচুমী লস্কৰ নামৰ অভিনেত্ৰীগৰাকীয়ে আনিছে গুৰুতৰ অভিযোগ। চিৰঞ্জীৱ থিয়েটাৰৰ মালিকৰ বিৰুদ্ধে নিৰ্যাতন তথা প্ৰাপ্য মাননী আদায় নিদিয়াৰ অভিযোগ অভিনেত্ৰী মৌচুমী লস্কৰৰ। ছচিয়েল মিডিয়াত নাট্য গোষ্ঠীটোৰ প্ৰযোজক দুলুমণি দাসৰ বিৰুদ্ধে এই অভিযোগ আনিছে মৌচুমীয়ে।

মৌচুমীয়ে কয় – মই দুলুমণি দাসৰ চিৰঞ্জীৱ থিয়েটাৰত দুবছৰ কাম কৰিছো। বিগত বছৰত কাম কৰাৰ বাবদ মই কোনো পইচা নাপালো। ময়ে নহয়, কোনোৱে পইচা নাপালে।

নিজৰ সন্তানৰ স্কুলত নামভৰ্তিৰ সময়ত দুলুমণি দাসক বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো প্ৰাপ্য ধন আদায় নিদিয়াৰ অভিযোগ তুলিছে মৌচুমী লস্কৰে। ধন বিচাৰিলে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ দুলুমণি দাসৰ বিৰুদ্ধে।

যোৰহাটৰ জাঁজী চেলেংহাটত সংঘটিত আন এক ঘটনাৰ কথাও উল্লেখ কৰিছে মৌচুমীয়ে। প্ৰাপ্য ধন আদায় নিদিলে মঞ্চত নুঠাৰ সিদ্ধান্ত লৈছিল মৌচুমীয়ে। কিন্তু মৌচুমীৰ অবিহনেই প্ৰযোজকে নাটক চলাই নিছিল। মৌচুমীৰ ঠাইত একেদিনাই আন এগৰাকী অভিনেত্ৰীক আখৰা কৰাই নাটক চলাই নিছিল প্ৰযোজকে। ইমানেই নহয়, নাটকৰ পিছত যিটো পৰিয়ালত অভিনেত্ৰীগৰাকীক থাকিবলৈ দিয়া হৈছেল, তাতেই এৰি গুচি আহিছিল নাট্য দলটো। পিছত কমিটীৰ মানুহৰ সহায়ত যোৰহাটৰ পৰা গুৱাহাটীলৈ উভতি আহিছিল মৌচুমী। তাৰ পূৰ্বে কমিটীৰ এজন যুৱকক দুলুমণি দাসে ফোনযোগে মৌচুমীক সহায় নকৰিবলৈ কৈছিল বুলিও অভিযোগ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

তাৰ পিছত পৰৱৰ্তী পেণ্ডেলত কাম কৰিবলৈ বাধা দিয়া হৈছিল মৌচুমী লস্কৰক। পেণ্ডেললৈ আহিলে কথা বেয়া হ’ব বুলিও কৈছিল প্ৰযোজক দুলুমণি দাসে। উপায়ন্তৰ হৈ হাউলী আৰক্ষীৰ কাষ চাপিছিল মৌচুমী। কিন্তু হাউলী থানাত উপস্থিত হৈ দুলুমণি দাসে ওলোটাই মৌচুমীৰ পৰা পইচা পাম বুলিহে দাবী কৰিছিল। দুলুমণি দাসৰ বিৰুদ্ধে আন বহু মিথ্যাচাৰৰো অভিযোগ উত্থাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি