এসময়ত থিয়েটাৰৰ মঞ্চ কঁপোৱা জাগীৰোডৰ এগৰাকী অভিনেত্ৰী ৷ এতিয়া তেওঁ পদপথৰ ব্যৱসায়ী৷ চাহ-তামোলৰ দোকানেৰে চলাইছে জীৱন সংগ্ৰাম৷ সুদীৰ্ঘকাল ভ্ৰাম্যমাণ থিয়েটাৰত নিজৰ বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ সমাদৰ লাভ কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে৷
১৯৯৪ চনৰ পৰা ২০০৯ চনলৈ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চ কঁপাই তুলিছিল তেওঁ ৷ সেই সময়ৰ বাতৰি কাকত, মেগাজিনত জিলিকি উঠিছিল তেওঁৰ নাম ৷ ১৪টা বছৰ থিয়েটাৰ জগতত খলকনিৰ সৃষ্টি কৰি অহা এইগৰাকী অভিনেত্ৰী বুলুমণি পাটৰ ওৰফে বুলু দেৱী এতিয়া পদপথৰ ব্যৱসায়ী ৷
জাগীৰোড সমষ্টিৰ নেলী আৰক্ষী চকীৰ সমীপত এটা জিৰণি চ’ৰাত চাহ আৰু পান তামোলৰ এখন দোকান চলাই পৰিয়াল পোহপাল দি আহিছে বুলু পাটৰে ৷ ইন্দ্ৰাণী, বীণাপাণি, মুকুন্দ, ব্ৰহ্মপুত্ৰ, ৰূপৰাজ, পাৰিজাত আদি জনপ্ৰিয় থিয়েটাৰত অভিনয় কৰা এইগৰাকী শিল্পীয়ে এতিয়া পদপথত বিক্ৰী কৰে চাহ-তামোল ৷
নতুন কইনা, ধৰ্মপত্নী, মইহে স্বামী মাৰিলোঁ, স্বামী থাকিও বিধৱা, মানুহ নামৰ জানোৱাৰ, মৰম এনাজৰী আদি বিভিন্ন মঞ্চ সফল সামাজিক নাটত অভিনয় কৰা বুলুমণি পাটৰৰ স্বামীও আছিল সেইসময়ৰ এজন বলিষ্ঠ অভিনেতা৷ দুই পুত্ৰসহ তেওঁলোকৰ এটা চাৰিজনীয়া পৰিয়াল ৷ কেৱল দুই পুত্ৰৰ পঢ়া–শুনাৰ বাবেই থিয়েটাৰ ত্যাগ কৰি এইদৰে জীৱন সংগ্ৰাম চলাই গৈছে একালৰ জনপ্ৰিয় শিল্পী দুগৰাকীয়ে ৷ দুই পুত্ৰক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ সপোন বুকুত বান্ধি কৰি গৈছে কঠোৰ সংগ্ৰাম ৷
হেম ভট্টাচাৰ্য, সমৰেন্দ্ৰ বৰ্মন, সেৱাব্ৰত বৰুৱা, জিতেন শৰ্মাৰ দৰে যশস্বী পৰিচালকৰ সান্নিধ্য লাভ কৰা বুলুমণি পাটৰে কিন্তু আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ৷ ৰেবা ফুকন, ভৱেশ বৰুৱা, দিলীপ ৰঞ্জন দত্ত, মাকণি বৈশ্য, নাৰায়ণ ৰয়, হৰেন মালাকৰ, কমলা মালাকৰ আদি অভিনেতা–অভিনেত্ৰীৰ সৈতে একেলগে অভিনয় কৰা নেলী মকৰীয়াৰ নিৱাসী বুলুমণি পাটৰে অকণমান চৰকাৰী সাহায্য লাভ কৰিলে পৰিয়াল পোহপাল দিয়াত সহায় হ'ব ৷ হয়তো দুই পুত্ৰক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ সপোন পূৰণ হ'ব বুলুমণি পাটৰৰ!
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|