বেয়া খবৰ! এই সপ্তাহত ম’বাইল ইণ্টাৰনেট সেৱা নোপোৱাৰ আশংকা

News18 Assam | News18-Assam
Updated:December 18, 2019, 9:15 PM IST
বেয়া খবৰ! এই সপ্তাহত ম’বাইল ইণ্টাৰনেট সেৱা নোপোৱাৰ আশংকা
Source-Google

আইন শৃংখলাজনিত কাৰণৰ দোহাই দি ৰাজ্য চৰকাৰে প্ৰায় ৮ দিন ধৰি ব্যাহত কৰি ৰাখিছে ইণ্টাৰনেট সেৱা

  • Share this:
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। আইন শৃংখলাজনিত কাৰণৰ দোহাই দি ৰাজ্য চৰকাৰে প্ৰায় ৮ দিন ধৰি ব্যাহত কৰি ৰাখিছে ইণ্টাৰনেট সেৱা। ফলত গভীৰ সমস্যাত পৰিছে ৰাজ্যৰ প্ৰায় সংখ্যক ক্ষুদ্ৰ ব্যৱসায়ীৰ লগতে সৰ্ব সাধাৰণ। ম’বাইল ইণ্টাৰনেট সেৱা ব্যাহত হৈ থকাৰ ফলত এতিয়া সমস্যাত পৰিছে গুৱাহাটীৰ অ’লা, উবেৰ, ৰেপিড’ চালকসকলৰ লগতে অন্যন্যা ম’বাইল ইণ্টাৰনেটৰ সৈতে জড়িত বহু সেৱা। 

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰাক লৈ দিয়া নিৰ্দেশৰ পুনৰীক্ষণৰ আৱেদন কৰিছিল অসম চৰকাৰে। চাৰিখনকৈ ৰাজহুৱা স্বাৰ্থজৰিত আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়েমঙলবাৰে আবেলিৰ ভিতৰত ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিছিল কিন্তু চৰকাৰৰ তৰফৰ পৰা মহাধিবক্তাই আইন–শৃংখলাজনিত কাৰণৰ দোহাই দি এই নিৰ্দেশৰ পুনৰীক্ষণৰ আৱেদন কৰে।

বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ শেহতীয়া আইন শৃংখলাৰ পৰিস্থিতিৰ সন্দৰ্ভত এখন বৈঠকৰ আহ্বান কৰিছে। এই বৈঠকতে ইণ্টাৰনেট সেৱা কেতিয়ালৈ মুকলি কৰিব পৰা যাব,সেই বিষয়েও আলোচনা কৰা হ’ব বুলি তথ্য লাভ কৰা হৈছে। কিন্তু বিশেষ সুত্ৰ অনুসৰি চলিত সপ্তাহত ৰাজ্যত ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ মুকলি হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ। ফলত ম’বাইল ইণ্টাৰনেটৰ লগত জড়িত ৰাজ্যৰ বহু ক্ষুদ্ৰ ব্যৱসায়ী গভীৰ সমস্যাত পৰা সম্ভাৱনা প্ৰকট হৈ পৰিছে।
Published by: Himangshu Bhuyan
First published: December 18, 2019, 9:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading