৯ দিনৰ মূৰত ৰাজ্যত মুকলি কৰি দিয়া হ’ল ম’বাইল ইণ্টাৰনেট সেৱা

News18 Assam | News18-Assam
Updated:December 20, 2019, 9:22 AM IST
৯ দিনৰ মূৰত ৰাজ্যত মুকলি কৰি দিয়া হ’ল ম’বাইল ইণ্টাৰনেট সেৱা
১১ ডিচেম্বৰৰ পৰা বন্ধ হৈ আছিল ম’বাইল ইণ্টাৰনেট সেৱা।

১১ ডিচেম্বৰৰ পৰা বন্ধ হৈ আছিল ম’বাইল ইণ্টাৰনেট সেৱা।

  • Share this:
অসমত উপলব্ধ হ’ল ম’বাইল ইণ্টাৰনেট সেৱা। ৯ দিনৰ মূৰত উপলব্ধ হ’ল ম’বাইল ইণ্টাৰনেট সেৱা। আজি পুৱা ৯ বজাৰ পৰা মুকলি কৰা হ’ল এই সেৱা। ১১ ডিচেম্বৰৰ পৰা বন্ধ হৈ আছিল ম’বাইল ইণ্টাৰনেট সেৱা। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত ব্যাপক হিংসাত্মক ঘটনাৰ পিছতে ৰাজ্য চৰকাৰে বন্ধ কৰি দিছিল ম’বাইল ইণ্টাৰনেট সেৱা।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে ৰাজ্যত উদ্ভৱ হোৱা পৰিস্থিতিৰ দোহাই দি প্ৰায় ৯ দিন ধৰি ৰাজ্য চৰকাৰে বন্ধ কৰি ৰাখিছিল ইণ্টাৰনেট সেৱা। মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ম’বাইল ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰিবলৈ দিছিল নিৰ্দেশ। কিন্তু ৰাজ্য চৰকাৰে  আইন–শৃংখলাজনিত কাৰণৰ দোহাই দি এই নিৰ্দেশৰ পুনৰীক্ষণৰ আৱেদন কৰিছিল। কিন্তু বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে বিয়লি ৫ বজাৰ ভিতৰত ম’বাইল ইণ্টাৰনেট মুকলি কৰি দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

Published by: Sanjay Kumar Das
First published: December 20, 2019, 9:12 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading